পেৰিছ অলিম্পিকত সোণৰ পদক অৰ্জন ন’ভাক জক’ভিচৰ

108

ছাৰ্বিয়াৰ ন’ভাক জক’ভিচে ১৬ বছৰৰ অপেক্ষাৰ সমাপ্তি ঘটাই পেৰিছ অলিম্পিকত সোণৰ পদক জিকে। পুৰুষৰ একক ফাইনেলত জক’ভিচে স্পেইনৰ কাৰ্লোছ আলকাৰাজক পৰাস্ত কৰি কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰে। এই বিজয়ৰ পিছত, জক’ভিচে ২০২৮ চনত অনুষ্ঠিত হ’বলগীয়া লছ এঞ্জেলছ অলিম্পিকত খেলিবলৈ ইচ্ছা প্ৰকাশ কৰে। পৰৱৰ্তী অলিম্পিকৰ ভিতৰত জক’ভিচ ৪১ বছৰীয়া হ’ব। ৩৭ বছৰীয়া জকোভিচ টেনিছ একক শ্ৰেণীৰ ইতিহাসত অলিম্পিক স্বৰ্ণ জয় কৰা আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ। এই সন্দৰ্ভত জকোভিচে কয়-এইটো মোৰ বাবে আটাইতকৈ ডাঙৰ জয় আৰু এক অতি বিশেষ অনুভৱ। মই লছ এঞ্জেলছত খেলিব বিচাৰো আৰু অলিম্পিক গেমছত মোৰ দেশক প্ৰতিনিধিত্ব কৰিবলৈ ভাল পাম। মই ভাবিছিলো যে ২০১২ চনত মোৰ দেশৰ পতাকা বাহক হোৱাটো সৰ্বশ্ৰেষ্ঠ অনুভৱ আছিল। জকোভিচে আগতে তেওঁৰ কেৰিয়াৰত এবাৰ অলিম্পিক পদক জিকিছিল। জক’ভিচে ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাত সফল হৈছিল, কিন্তু তেওঁ পেৰিছত স্বৰ্ণ জয় কৰাত সফল হৈছে। এই ঐতিহাসিক জয়ৰ সৈতে জক’ভিচে আন্দ্ৰে আগাচি, ৰাফেল নাদাল, ষ্টেফি গ্ৰাফ আৰু ছেৰেনা উইলিয়ামছৰ অভিজাত তালিকাত যোগদান কৰে, যিয়ে চাৰিওটা গ্ৰেণ্ড শ্লেম জয় কৰাৰ উপৰিও অলিম্পিক ছিংগলছত স্বৰ্ণ জয় কৰি গোল্ডেন শ্লেম সম্পূৰ্ণ কৰিছে।