উইম্বলডনত ব্ৰিটেইনৰ ডেনিয়েল ইভান্সক ৬-৩, ৬-২, ৬-০ ছেটত পৰাস্ত কৰি পুৰুষৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰে ন’ভাক জ’কভিচে। অষ্টমটো উইম্বলডনৰ খিতাপ অৰ্জনত দৃষ্টি ৰখা ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়নগৰাকীয়ে অল ইংলেণ্ড ক্লাবত ৯৯ সংখ্যক জয় নিশ্চিত কৰিবলৈ এঘণ্টা ৪৭ মিনিট সময় লৈছিল।
২০২১ চনৰ মণ্টে কাৰ্লো মাষ্টাৰছত জ’কভিচে ব্ৰিটিছ খেলুৱৈ ইভান্সৰ হাতত পৰাস্ত হৈছিল। ইয়াৰ পিছত দুয়োজনেই প্ৰথমবাৰৰ বাবে মুখামুখি হ’ল। কিন্তু ইয়াত জ’কভিচে তেওঁক কোনো সুযোগ নিদিলে। ৩৮ বছৰীয়া জ’কভিচে তিনিটা ছেটত মাত্ৰ ৯ পইণ্ট হেৰুৱাই ইভান্সক সহজভাৱে পৰাস্ত কৰে। খেলখনৰ আকৰ্ষণ আছিল জ’কভিচৰ ৪৬টা বিজয়ী।
জ’কভিচে খেলখন নিয়ন্ত্ৰণ কৰি ঘৰুৱা খেলুৱৈগৰাকীক অহৰহ হেঁচাত ৰাখিছিল। জয়ৰ পাছত জ’কভিচে কয়-মই ভাবো সকলোৱে জানিছিল যে আজি ক’ৰ্টত এক বিশেষ পৰিৱেশৰ সৃষ্টি হ’ব। ব্ৰিটেইনত ব্ৰিটিছ খেলুৱৈৰ মুখামুখি হোৱাটো কেতিয়াও সহজ নহয়। তেওঁ এজন ভাল ভাল খেলুৱৈ।
