উত্তৰ-পূৰ্বাঞ্চলত আঞ্চলিক অৰ্থনৈতিক অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে গুৱাহাটীত ভাৰত-ফ্ৰান্স চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে প্ৰথমবাৰৰ বাবে ভাৰত-ফ্ৰান্স বিনিয়োগ সন্মিলন সফলতাৰে আয়োজন কৰে। অসম ঔদ্যোগিক বিকাশ নিগম(এআইডিচি)ৰ সহযোগত আৰু ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য চৰকাৰসমূহৰ সহযোগত আয়োজিত এই অনুষ্ঠানত ২০৩০ চনৰ ভিতৰত ঔদ্যোগিক উন্নয়ন ত্বৰান্বিত কৰাৰ লগতে অঞ্চলটোত হাজাৰ হাজাৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে উল্লেখযোগ্য বিনিয়োগৰ প্ৰতিশ্ৰুতি ঘোষণা কৰা হয়।
দিনটোৰ আৰম্ভণিতে মন্ত্ৰী চিন্ধিয়া আৰু ৰাষ্ট্ৰদূত মাথৌৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বিটুজি (ব্যৱসায়ৰ পৰা চৰকাৰলৈ) বৈঠক অনুষ্ঠিত হয় আৰু অঞ্চলটোৰ ৰাজ্য চৰকাৰসমূহৰ জ্যেষ্ঠ বিষয়াৰ সৈতে ২০টা ফৰাচী কোম্পানীৰ চিইঅ’ই অংশগ্ৰহণ কৰে। আলোচনাত বিনিয়োগৰ সুযোগ চিনাক্তকৰণ, প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা আৰু শক্তি, আন্তঃগাঁথনি, প্ৰতিৰক্ষা, যোগাযোগ, আইটিইএছ, খাদ্য সংসাধন, কৃষি আৰু উচ্চ শিক্ষাৰ দৰে প্ৰধান খণ্ডসমূহৰ মাজেৰে অংশীদাৰিত্বৰ সন্ধানত ভাৰতৰ আগশাৰীৰ ফৰাচী কোম্পানী যেনে ডাছল্ট চিষ্টেমছ, পোমা, কুপাৰ্ল, এক্সেন্স গ্লবেল ইঞ্জিনিয়াৰিং আৰু চিষ্ট্ৰাৰ সৈতে অংশীদাৰিত্ব-বিনিয়োগৰ অন্বেষণ কৰা হৈছিল।
এই আলোচনাত কূটনীতিবিদ, নীতি নিৰ্ধাৰক, উদ্যোগৰ নেতা, আৰু ফ্ৰান্সৰ বৈদেশিক বাণিজ্য উপদেষ্টা (চিচিইএফ)কে ধৰি ১০০ৰো অধিক জ্যেষ্ঠ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। এই সমাৱেশত উত্তৰ-পূবৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক পৰিৱেশ অন্বেষণ কৰিবলৈ আগ্ৰহী বিদ্যমান আৰু সম্ভাৱ্য ফৰাচী বিনিয়োগকাৰী উভয়কে একত্ৰিত কৰা হৈছিল। উত্তৰ-পূব অঞ্চলৰ উন্নয়ন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই কয় যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত-ফ্ৰান্সৰ সম্পৰ্কই ভাৰত আৰু ফ্ৰান্সৰ মাজত এক শক্তিশালী সম্পৰ্কৰ সৃষ্টি কৰিছে। বিনিয়োগ আৰু বহনক্ষম উন্নয়নৰ বাবে এক অনুকূল পৰিৱেশ তন্ত্ৰ সক্ষম কৰাৰ দীৰ্ঘম্যাদী অংশীদাৰিত্ব আৰু গভীৰ প্ৰতিশ্ৰুতিৰ দৃষ্টিভংগীৰে উত্তৰ-পূৰ্বাঞ্চলত এক গভীৰভাৱে প্ৰোথত ইনভেষ্টমেণ্ট ফৰাম আয়োজন কৰিবলৈ ফ্ৰান্সে লোৱা উদ্যোগ আৰু দৃঢ়তাক স্বাগতম জনাইছো। আমি ডাটা চেণ্টাৰ, ৰে’লৱে, বস্ত্ৰ, খাদ্য সংসাধন আৰু সুগন্ধি সামগ্ৰীৰ ক্ষেত্ৰত বিশ্বমানৰ কাৰুশিল্প বিকাশৰ অপৰিসীম সুযোগ থকা এক ইণ্ডো-ফৰাচী কৰিডৰৰ বাবে অপেক্ষা কৰিছোঁ। উত্তৰ-পূব পৰিৱৰ্তনশীল বিকাশৰ যাত্ৰাত আছে আৰু এই ভাৰত-ফ্ৰান্সৰ সহযোগিতাৰ দৰে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব হৈছে বিকাশৰ বাবে এক নতুন সমীকৰণ য’ত উদ্ভাৱনে অন্তৰ্ভুক্তি আৰু প্ৰগতি ক্ৰয়ৰ সৈতে মিলিত হৈ নতুন দিনৰ সূচনা কৰিব।”
