জিএনআৰচি (GNRC) হাস্পতালে কন্যটিযাম অফ এক্রেডিটেড হেল্পকেয়াব অর্গানাইজেচন (CAHO) আৰু এছ’চিয়েচন অফ হেলথকেয়াৰ প্রভাইডার্চ-ইন্ডিয়া (AHPI) NE-1 এ সহযোগত ৭ ফেব্রুৱাৰী, ২০২৬ তাৰিখে গুৱাহাটীৰ নেড়ফি (NEDFI) কনভেনচন চেন্টাৰত প্ৰথমটো উত্তৰ-পূব কোরালিটি কনক্লেভ 2026 সফলতাপূর্বক সামৰণি মানে। এই ঐতিহাসিক অনুষ্ঠানটোরে স্বাস্থ্যসেবার মানদণ্ড আৰু ৰোগীৰ সুৰক্ষাৰ দিশত উৎকর্ষ সাধনৰ লক্ষ্যৰে সমগ্র অঞ্চলটোৰ স্বাস্থ্যসেবা খণ্ডৰ নেতৃবৃন্দ, চিকিৎসক, গুণগত মানৰ বিশেষজ্ঞ আৰু সমাধান প্রদানকাৰীসকলক একেলগ কৰে। দিনজোৰা এই সমাবেশত উত্তৰ-পূব ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক, চৰকাৰী বিষয়া আৰু প্রতিনিধিসকলে সক্রিয়ভাবে অংশগ্রহণ কৰে। অনুষ্ঠানটোত চাৰিটা বিশেষ অধিবেশন, গুণগত মান উন্নয়ন প্রকল্পৰ উপস্থাপন আৰু এটা কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়, যাৰ মূল লক্ষ্য আছিল স্বাস্থ্যসেৱাৰ ধাৰাবাহিক উন্নতিৰ সংস্কৃতি গঢ়ি তোলা।
CAHO-ৰ সাধাৰণ সম্পাদক তথা ভেলোৰৰ খ্রীষ্টান মেডিকেল কলেজৰ কোৱালিটি মেনেজাৰ ড° লাপ্পু যোচেফে “Healthcare Quality 360°- The Future is Now” শীর্ষক মূল ভাষণ প্রদান কৰি দিনটোৰ চিন্তাশীল চৰ্চাৰ পাতনি মেলে। কনক্লেভত উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নত কৰাত আগভাগ লোৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্রমে-ড’ নবেন্দ্র নাথ দত্ত, ড’ হর্ষ ভট্টাচার্য, ড’ কে পালিন আৰু অধ্যাপক ডা সুভাষ খান্নাক বিশেষভাবে সম্মানিত কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), অসমৰ মিছন সঞ্চালক ড’ লক্ষ্মণন এছ (IAS); এইমছ ওরাহাটীৰ কার্যবাহী সঞ্চালক অধ্যাপক ড’ অশোক কুমাব পুরাণিক, ডিএমটিএ ওরাহাটীর অধ্যক্ষ ডা. এ চি বৈশা, এফএএমচিএইচ করপোটার অধ্যক্ষ ড° ৰমেন তালুকদাৰ আৰু অসমৰ স্বাস্থ্য সেরা সঞ্চালক ড. উমেশ ফাংচো উপস্থিত থাকি স্বাস্থ্যসেরাব গুণগত মান আৰু প্রশাসনৰ ওপৰত নিজৰ বক্তব্য আগবঢ়াজ।
অনুষ্ঠানত করুবা বাখি জিএনআৰচি গ্রুপ অফ হাস্পতালন ডেপুটী মেনেজিং ডিরেক্টর প্রিয়ংকা বৰাই কয়, উত্তৰ-পূব কোয়ালিটি কনক্লেভ আমাৰ স্বাস্থ্যসেরাব উৎকর্ষ যাত্রাত এক গুরুত্বপূর্ণ মাইলৰ খুঁটি। সমগ্র অঞ্চলটোৰ অংশীদাৰসকলক একত্রিত কৰি আমি এনে এটা মঞ্চ তৈয়াৰ কৰিছো যিয়ে সহযোগিতা শক্তিশালী কৰিব আৰু গোলকীয় সর্বশ্রেষ্ঠ পদ্ধতিসমূহ গ্রহণত সহায় কৰিব। এই পদক্ষেপ কেরল আমাৰ প্রতিষ্ঠানৰ বাবেই নহয়, বৰঞ্চ সময় উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যসেৱাৰ মানদণ্ড আৰু ৰোগীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জিএনআৰচিব দায়বদ্ধতাৰ প্রতিফলন।” কাৰিকৰী অধিবেশনসমূহত ডিজিটেল হাস্পতালৰ যুগত মানদণ্ডৰ পুনৰ সংজ্ঞায়িত কৰা, চিকিৎসাৰ বায় আৰু মানদণ্ডৰ মাজত ভাৰসাম্য বক্ষ্য কৰা আৰু ৰোগীৰ অভিজ্ঞতাক প্রাধান্য দিয়াৰ দৰে গুরুত্বপূর্ণ বিষয়ত বিশদ আলোচনা কৰা হয়। অনুষ্ঠানৰ অন্যতম আকর্ষণ আছিল বিভিন্ন চিকিৎসালয়ৰ দ্বারা উপস্থাপিত ‘কোৱালিটি ইবুভমেন্ট প্রজেক্ট সমূহ। কনক্লেভষনত জিএনআৰচি হাস্পতালৰ CQH কর্পোৰেট কোৱালিটিৰ মুৰব্বী ডাঃ প্রাঞ্জল তামুলী আৰু কপোৰেট কোৱালিটিৰ ছিনিয়ৰ মেনেজাৰ অবিনাশ বর্মনো উপস্থিত থাকে। জিএনআৰচি হাস্পতালৰ কোৱালিটি ইনিচিয়েটিভৰ উপদেষ্টা তথা কুইজ মাষ্টাৰ শ্রী সঞ্জীর কাকতিয়ে কয় যে অংশগ্রহণকাৰীসকলৰ উৎসাহে প্ৰমাণ কৰে যে উত্তৰ-পূবৰ স্বাস্থ্য কর্মীসকল গুণগত মান উন্নয়নৰ বাবে কিমান সচেতন। প্রথমটো উত্তৰ-পূব কোৱালিটি কনক্লেভ ২০২৬-ৰ সফলতাই অঞ্চলটোত স্বাস্থ্যসেবাব মানদণ্ড উন্নত কৰাৰ বাবে এক বার্ষিক মঞ্চৰ সূচনা কৰিলে।
