অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন- খোৱা উৎসৱ উপলক্ষে ১২ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ দীপৰ বিল ইকো কেম্প চৌহদ। বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তি , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ কলিতা, দেউছতাল নৱজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপাকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে।
আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত কেবাজনো বক্তাই ভাষণ প্রসংগত পুৰণি দিনৰ ন-খোৱা উৎসৱৰ স্মৃতি ৰোমন্থন কৰি উৎসৱে অসমৰ কৃষক ৰাইজৰ মাজত একতাৰ এনাজৰীডাল অধিক বৃদ্ধি কৰিছে বুলি ব্যক্ত কৰে। ইফালে ন-খোৱা উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জালুকবাৰীৰ তেতেলীয়াৰ জোনবিৰি সাংস্কৃতিক দলকে ধৰি আমন্ত্ৰিত শিল্পীৰ দলে বিহুকে ধৰি জনগোষ্ঠীয় নৃত্য, জনপ্ৰিয় শিল্পী দ্বীপজ্যোতি নাথকে ধৰি কেবাজনো ন-পুৰণি শিল্পীয়ে সংগীত, কৌতুক পৰিবেশন কৰি উপস্থিত শতাধিক লোকক আপ্লুত কৰে। আনহাতে ন- খোৱা উৎসৱৰ লগত ৰাখি নিশা সমূহীয়া ভোজনত পৰম্পৰাগত জনগোষ্ঠীয় খাদ্য সম্ভাৰেৰে সকলোকে আপ্যায়ন কৰা হয়।
