এতিয়া আৰু বাংলাদেশৰ প্ৰতি ভাৰতৰ উদাৰ নীতি একেদৰে নাথাকিবও পাৰে। চুবুৰীয়া দেশখনত বৃদ্ধি পোৱা ভাৰত বিৰোধী আৱেগ আৰু বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলক লক্ষ্য কৰি কৰা মন্তব্যৰ বিৰুদ্ধে মঙলবাৰে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতৰ ভূখণ্ডক লৈ কৰা যিকোনো প্ৰশ্নক তেওঁ ‘বিপজ্জনক’ আৰু ‘অগ্ৰহণযোগ্য’ বুলি অভিহিত কৰে।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে বিগত এবছৰ ধৰি বাংলাদেশৰ একাংশই উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ পৰিকল্পনা কৰি আহিছে। তেওঁ স্পষ্টকৈ কয়, “ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি আৰু এক পৰমাণু শক্তিধৰ দেশ। এনে বৈৰী আচৰণ অব্যাহত থাকিলে ভাৰতে মৌন হৈ নাথাকে।” তেওঁ লগতে ইংগিত দিয়ে যে যদি ভাৰত বিৰোধী স্থিতি সলনি নহয়, তেন্তে চুবুৰীয়া দেশখনলৈ আগবঢ়োৱা সমৰ্থনৰ পুনৰ মূল্যায়ন কৰা হ’ব।
মন কৰিবলগীয়া যে, শেহতীয়াকৈ বাংলাদেশৰ মুখ্য উপদেষ্টা অধ্যাপক মহম্মদ ইউনুছ আৰু পাকিস্তানৰ শীৰ্ষ সামৰিক নেতৃত্বৰ এখন বৈঠকত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক বিকৃত মানচিত্ৰ প্ৰদৰ্শন কৰাক লৈ উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বেও বাংলাদেশৰ একাংশ নেতাই অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ কিছু অংশক নিজৰ বুলি দাবী কৰি সামাজিক মাধ্যমত পোষ্ট দিছিল, যাক লৈ ভাৰতে তীব্ৰ আপত্তি দৰ্শাইছে।
