ঝাৰখণ্ডৰ জামছেদপুৰৰ অ-লাভজনক সংস্থা নৱ জাগ্ৰত মানৱ সমাজে কুষ্ঠ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে অহৰহভাৱে যুঁদ দি আহিছে। টাটা মটৰ্ছৰ সহযোগত এনজেএমএছে এই ৰোগত আক্ৰান্তসকলক সৱলীকৰণ কৰি ৰোগীৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। জামছেদপুৰ আৰু চহৰখনৰ আশে-পাশে থকা অঞ্চলসমূহত কুষ্ঠ ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। টাটা মটৰ্ছৰ কৰ্মচাৰী আৰু অন্যান্য সুহৃদ ব্যক্তিৰ সহযোগত ৫০০ৰো অধিক স্থানীয় স্বেচ্ছাসেৱকক জড়িত কৰি এনজেএমএছে বিভিন্ন দিশত যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে, যেনে স্বাস্থ্য, শিক্ষা, নিয়োগযোগ্যতা আৰু জীৱিকাৰ পদক্ষেপ ইত্যাদি।
কুষ্ঠ ৰোগ প্ৰতিৰোধী সংগঠন এনজেএমএছে কুষ্ঠ ৰোগ চিনাক্ত আৰু নিৰ্মূল কৰিবলৈ প্ৰতি বছৰে জৰীপ কৰে, এই জৰীপৰ সময়ত ৭৫ হাজাৰৰো অধিক লোকক সামৰি লয়। যোৱা ৩ বছৰত জামছেদপুৰত এই প্ৰয়াসৰ ফলত প্ৰতি ১০০০জন ব্যক্তিৰ বিপৰীতে ১.৫ৰ ০.৫জন ব্যক্তিলৈ হ্ৰাস পাইছে। জামছেদপুৰৰ অন্ত্যোদয় ভৱনত এনজেএমএছে ৪,০০০ৰো অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা, বৰ্ডিং আৰু বাসস্থান প্ৰদান কৰিছে যাতে শিশুৰ শিক্ষা আৰু জীৱন-জীৱিকাতো সহায়ক হয়।
টাটা মটৰ্ছৰ চিএছআৰ বিভাগৰ মুৰব্বী বিনোদ কুলকাৰ্ণীয়ে এই ইতিবাচক বিষয়ত গুৰুত্ব আৰোপ কৰি কয় যে, “টাটা মটৰ্ছে এই মহৎ প্ৰচেষ্টাত এনজেএমএছক সমৰ্থন কৰি আনন্দিত, কিয়নো কুষ্ঠ-মুক্ত সমাজ গঢ়ি তোলাত সকলোৰে দায়িত্ব আছে। সকলোৰে অটল নিষ্ঠাৰে সহযোগিতামূলক প্ৰচেষ্টাৰে আমি এক সুন্দৰ ভৱিষ্যৎ গঢ়ি তোলাত বিশ্বাস কৰো, য’ত প্ৰতিজন ব্যক্তিয়ে নিজৰ স্বাস্থ্যৰ প্ৰত্যাহ্বান নেওচি সন্মানসহকাৰে জীৱন যাপন কৰিব পাৰে।”