অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ সৌয্য বিৰ্য্যৰ প্ৰতীক বিশ্ব মহাবীৰ চিলাৰায়ৰ এই বেলি ৫১৪ সংখ্যক জন্মজয়ন্তী বৰ্ষ। এই চিলাৰায় দিৱস কামৰূপ জিলাৰ বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বৰ্ষও আয়োজন কৰা হৈছে। এই বেলি গামেৰীমুৰা কোচ জ্ঞাতী গাওঁ শাখাৰ সহযোগত আয়োজন কৰা হৈছে চিলাৰায় দিৱসৰ কাৰ্য্যসুচী।চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে যুৱ ছাত্ৰ সন্মিলনী আৰু মহিলা সন্মিলনী সহ সংগঠন দুটাৰ বাৰ্ষিক অধিবেশন ।
ইফালে আজি চিলাৰায় দিৱসৰ মূল কাৰ্য্যসুচী আয়োজন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন কৰি আয়োজন কৰা চিলাৰায় দিৱসত স্মৃতি তৰ্পণ ; চিলাৰায়ৰ বৃহৎ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰাৰ পিছত স্বনামধন্য গায়িকা সংগীতা কাকতিৰ জৰিয়তে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰা হয়। বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বকীয় কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে শুভাৰম্ভ কৰে মুকলি সভা।
বকো আঞ্চলিক কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি জোন চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ দিয়ে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক ৰণাদিত্য কুমাৰ বৰ্মনে ; বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কোচ ৰাজবংশী সাহিত্য সভাৰ উপ সভাপতি মুনিন্দ্ৰ নাথ ৰয় ; মেঘালয় বিধানসভাৰ বিধায়ক ৰিমিংথন জি মমিন ; ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পাৰিষদ নগৰমল স্বৰ্গীয়াৰী ; লুকী পৰিষদীয় সমষ্টিৰ পাৰিষদ ফ্ৰাইলিন আৰ মাৰাক ; কোচ ৰাজবংশী জাতীয় কৰ্মী গৌৰাংগ চৌধুৰী ; দীপক কুমাৰ ৰয়কে ধৰি বহু সংখ্যক বিষয় ববীয়াৰ উপৰিও নিমন্ত্ৰীত অতিথিয়ে বক্তব্য ৰাখে।অতিথি সকলে কোচ ৰাজবংশী জনগোষ্ঠীৰ উত্তোৰণৰ ওপৰত আলোকপাত কৰে।