বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বৰ্তমানৰ চৰকাৰক কটাক্ষ কৰি কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোৰ সৈতে যি কৰিছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ সৈতে তাকেই কৰিলে। জে ডি ইউ মুৰব্বীগৰাকীৰ এই পদক্ষেপে বিহাৰত বিজেপি নেতৃত্বাধীন এখন নতুন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি তুলিছে।
জয়ৰাম ৰমেশে নীতিশ কুমাৰৰ মুখ্যমন্ত্ৰী পদ ত্যাগৰ সিদ্ধান্তক জনসাধাৰণৰ আদেশৰ প্ৰতি কৰা এক ‘বিশ্বাসঘাটকতা’ বুলি অভিহিত কৰে। তেওঁ কয়, “বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীয়ে কৈছিল যে নীতিশ কুমাৰ বেছিদিন মুখ্যমন্ত্ৰী হৈ নাথাকে, কাৰণ বিজেপিয়ে তেওঁক আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। অৱশেষত সেয়াই ঘটিল।”
তেওঁৰ মতে, যোৱা নৱেম্বৰৰ নিৰ্বাচনত ৰাজ্যবাসীয়ে নীতিশ কুমাৰক পুনৰ নিৰ্বাচিত কৰিছিল, বিজেপিৰ মুখ্যমন্ত্ৰীৰ বাবে ভোট দিয়া নাছিল। বৰ্তমানৰ কাৰ্যকালত নীতিশে চাৰি মাহো সম্পূৰ্ণ কৰিব নোৱাৰিলে বুলি উল্লেখ কৰি ৰমেশে ইয়াক এটা ‘ৰাজনৈতিক বিদ্ৰোহ’ বুলি বৰ্ণনা কৰে।
তেওঁ লগতে কয়, “বিহাৰত হোৱা এই ক্ষমতাৰ পৰিৱৰ্তন আচলতে ‘জি-২’ (মোদী-শ্বাহ)ৰ এক চক্ৰান্ত। কাইলৈ হয়তো চন্দ্ৰবাবু নাইডুকো দিল্লীলৈ আনি কেন্দ্ৰীয় মন্ত্ৰী পাতি তেওঁৰ চৰকাৰতো একেই অৱস্থা কৰিব পাৰে।” মহাৰাষ্ট্ৰৰ শিৱসেনা আৰু এন চি পিৰ বিভাজনৰ উদাহৰণ দি তেওঁ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰে।
বিহাৰত কংগ্ৰেছৰ মাত্ৰ ছয়গৰাকী বিধায়ক আছে যদিও দলটোৱে জনসাধাৰণৰ বিষয়সমূহ উত্থাপন কৰি থাকিব বুলি ৰমেশে স্পষ্ট কৰি দিয়ে। তেওঁৰ মতে, ৰাইজৰ ৰায়ৰ বিপৰীতে গৈ বিজেপিক শাসনলৈ অনাৰ এই প্ৰচেষ্টা গণতন্ত্ৰৰ বাবে এক কুফল। বিহাৰৰ এই জটিল ৰাজনৈতিক পৰিৱৰ্তনে এতিয়া সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে।
