বৃহস্পতিবাৰে দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নীতিশ কুমাৰে। তেওঁৰ লগতে বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাইও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দুয়োজনেই পূৰ্বৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল। পাটনাৰ গান্ধী মৈদানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে।
সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাৰ উপৰিও বিজয় কুমাৰ চৌধুৰী, মংগল পাণ্ডে, শ্ৰৱণ কুমাৰ, লেশী সিংকে ধৰি আন ২৬ গৰাকীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২৬গৰাকী মন্ত্ৰীৰ ভিতৰত তিনিগৰাকী মহিলা আৰু এগৰাকী মুছলমান বিধায়ক। মহিলা বিধায়িকাসকলৰ ভিতৰত লেশী সিং জনতা দল (ইউনাইটেড)ৰ। ৰামা নিছাদ আৰু শ্ৰেয়াসী সিং বিজেপিৰ। একমাত্ৰ মুছলমান মন্ত্ৰী মহম্মদ জামা খান জনতা দল ইউনাইটেডৰ বিধায়ক।
তেওঁ চেইনপুৰ বিধানসভাৰ আসনত জয়লাভ কৰে। বুধবাৰে বিধানসভাৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ২০২ গৰাকী এন ডি এ বিধায়কৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এন ডি এৰ নেতা নিৰ্বাচিত হয় নীতিশ কুমাৰ। লগতে জেডিইউয়ে এক সুকীয়া বৈঠকত নীতিশ কুমাৰক বিধানসভাৰ নেতা হিচাপে নিৰ্বাচিত কৰে।
