বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে বিহাৰৰ কেবিনেট মন্ত্ৰী নীতিন নবীনে সোমবাৰে গুৰুত্বপূৰ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে এই দায়িত্ব দলৰ আশীৰ্বাদ আৰু ইয়াৰ বাবে তেওঁ দলৰ বৰ্তমানৰ নেতৃত্বৰ ওচৰত কৃতজ্ঞ।
পাটনাৰ এখন উদ্যানত তেওঁৰ স্বৰ্গীয় পিতৃ আৰু প্ৰাক্তন বিধায়ক নবীন কিশোৰ প্ৰসাদ সিনহাৰ প্ৰতিমূৰ্তিত দেওবাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা আলাপত নবীনে কয়, “মই সদায় মোৰ পিতৃৰ আদৰ্শক লৈ কাম কৰি আহিছো। তেওঁ দলটোক মাতৃ বুলি গণ্য কৰিছিল আৰু ৰাষ্ট্ৰক সকলোতকৈ ওপৰত ৰাখিছিল।” লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন হৈছে আৰু বিজেপি সদায় দুখীয়া আৰু কৰ্মঠ মানুহৰ বাবে কাম কৰি আহিছে। পশ্চিম বংগ নিৰ্বাচনৰ সন্দৰ্ভত তেওঁ উল্লেখ কৰে যে বিজেপি কৰ্মীসকল বছৰৰ ২৪ ঘণ্টাই সক্ৰিয় থাকে, আনহাতে আন দলে নিৰ্বাচনৰ সময়তহে সক্ৰিয়তা দেখুৱায়।
