দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ৷ ১৮-১৯ ফেব্ৰুৱাৰীত ৰাজ্যখন ভ্ৰমণ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৷শাসকীয় দলটোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নবীনে ১৮ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈ ডিব্ৰুগড়ত বুথ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তাৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাতেই বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বাৰ্তালাপত মিলিত হ’ব ৷ তাৰ পাছতে গুইজানত অৱস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব ।
