মেঘালয়ৰ তুৰাত গাৰো পাহাৰৰ নৈসৰ্গিক শোভাৰ মাজত শুকুৰবাৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মে গঙ উৎসৱ। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই উদ্বোধন কৰা এই সাংস্কৃতিক উৎসৱটোলৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ আগমন হৈছে। দেশৰ সংগীত জগতখনৰ বাবে এক বৰ্ণিল আয়োজন হিচাপে বিবেচিত মে গঙ উৎসৱৰ দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সংগীতানুষ্ঠান পৰিৱেশন কৰে। উৎসৱৰ প্ৰথম দিনটোত মঞ্চত সংগীত পৰিৱেশন কৰে পপ সংগীতৰ জনপ্ৰিয় ৰিচাৰ্ড মাৰ্ক্সে, বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী নীতি মোহন, প্ৰখ্যাত ইলেক্ট্ৰনিক সংগীতনিৰ্মাতা আৰু ডি জে নিউক্লিয়াৰ আৰু কিংবদন্তি সংগীত শিল্পী বব মাৰ্লিৰ পুত্ৰ জুলিয়ান মাৰ্লিৰ সংগীতানুষ্ঠান পৰিৱেশন কৰে।
নীতি মোহনেহে তেওঁ নিজৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ উপৰিও মায়াবিনী শীৰ্ষক গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই। আজি অৰ্থাৎ সামৰণিৰ দিনটোত মঞ্চত Blue আৰু yellow claw জনপ্ৰিয় ব্ৰেণ্ডে সংগীতানুষ্ঠান পৰিৱেশন কৰাৰ লগতে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী কণিকা কাপোৰ আৰু প্ৰতীক কোহাদৰ অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে কেইবাটাও স্হানীয় ব্ৰেণ্ডে অনুষ্ঠান পৰিৱেশন কৰিব।
