নিছানৰ সমগ্ৰ দেশৰ গ্ৰাহকৰ বাবে বিনামূলীয়া মৌচুমী চেক-আপ কেম্প মুকলি

153

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে সমগ্ৰ ভাৰতৰ সকলো অনুমোদিত নিছান ৱৰ্কশ্বপসমূহত ২০২৪ৰ ১৫ জুলাইৰ পৰা ৩১ আগষ্টলৈ বিনামূলীয়া মনছুন চেক-আপ কেম্প আয়োজনৰ কথা প্ৰকাশ কৰিছে। ৩০-পইণ্টৰ সম্পূৰ্ণ পৰীক্ষাৰ ব্যৱস্থা কৰি বাৰিষাৰ সময়ছোৱাত বাহনৰ গৰাকীসকলে নিৰাপদে গাড়ী চলাব পৰাকৈ এই কেম্পৰ ডিজাইন কৰা হৈছে। এই বৰ্ষাকালীন পৰীক্ষা শিৱিৰৰ ভিতৰত আছে বিনামূলীয়া বেটাৰী পৰীক্ষা, বাহনৰ বাহিৰৰ আৰু ভিতৰৰ অংশৰ সম্পূৰ্ণ পৰিদৰ্শন, আণ্ডাৰবডী পৰীক্ষণ আৰু পথ পৰীক্ষা ইত্যাদি। ইয়াৰ উপৰিও গ্ৰাহকে নিজৰ বাহনসমূহ পূৰ্বৰ অৱস্থাত ৰাখিবলৈ বিনামূলীয়াকৈ সুবিধা লাভ কৰিব।

বিনামূলীয়া চেক-আপৰ লগতে নিছানে বাহন আনুষংগিক সেৱা (ভিএএছ) যেনে আণ্ডাৰবডী কোটিং, ৰোডেণ্ট ৰিপেলেণ্ট আৰু এচি বীজাণুনাশক(ডিছইনফেকচন)ত ১০% পৰ্যন্ত বিশেষ ৰেহাই আগবঢ়াইছে। ব্ৰেক পেড সলনি কৰাকে ধৰি শ্ৰমিকৰ মাচুলতো ১০% ৰেহাই দিয়া হৈছে। গ্ৰাহকে ১০৯৯ টকাত এবছৰৰ বাবে ৰোডছাইড এচিষ্টেন্স (আৰ এছ এ) প্লেনৰ বাবে বিশেষ সুবিধা গ্ৰহণ কৰিব পাৰে, য’ত বিনামূলীয়া টপ ৱাশ্বৰ সুবিধাও অন্তৰ্ভুক্ত কৰা হৈছে। নিছান ৱান এপ বা নিছান ইণ্ডিয়া ৱেবছাইটৰ জৰিয়তে আজিয়েই এপইনমেণ্ট(অনুমতি) নিৰ্ধাৰণ কৰিব পাৰিব।

গুৱাহাটীত এই কেম্পক লৈ দেখা গৈছে যথেষ্ট আগ্ৰহ, যিয়ে অঞ্চলটোত বাহনৰ ৰক্ষণাবেক্ষণ সেৱাৰ বৰ্ধিত চাহিদা প্ৰতিফলিত কৰিছে। স্থানীয় নিছান ৱৰ্কশ্বপসমূহতো বুকিং বৃদ্ধি পাইছে, কিয়নো গ্ৰাহকসকলে নিজৰ বাহনসমূহ বৰষুণৰ বতৰতো সঠিক স্থিতিত থকাটো নিশ্চিত কৰিব বিচাৰে। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, ”বাৰিষাৰ সময়ছোৱাত এই বিস্তৃত চেক-আপ আৰু বিশেষ অফাৰৰ জৰিয়তে আমি আমাৰ গ্ৰাহকসকলৰ মানসিক শান্তি বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছোঁ আৰু বাৰিষাৰ প্ৰত্যাহ্বানসমূহ নিৰাপদে মোকাবিলা কৰিবলৈ নিজৰ বাহনসমূহ অনুকূল অৱস্থাত থকাটো নিশ্চিত কৰাৰ প্ৰয়াস কৰিছোঁ।