নিছান মটৰ ইণ্ডিয়া আৰু আমাজন মিনিটিভিয়ে ডান্স ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ত সৰ্ববৃহৎ অন গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে। একেলগে ১,৮৭০ নৃত্যশিল্পীয়ে মুম্বাইৰ ফিল্মচিটিত একত্ৰিত হৈ ৫ মিনিটৰ আকৰ্ষণীয় আৰু মনোগ্ৰাহী হিপ-হপ প্ৰদৰ্শন কৰে। হিপ হপ ইণ্ডিয়াৰ বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহী, আমাজনৰ এডভাৰ্টাইজিং হেড গিৰীশ প্ৰভু , নিছান মটৰ্ছ ইণ্ডিয়াৰ সঞ্চালক মোহন উইলছন উপস্থিত থাকে এই অনুষ্ঠানত। বিশেষ অংশীদাৰ ‘টু দ্য কালচাৰ’ আৰু নৃত্যৰ দল ‘কিংছ ইউনাইটেডে’ এই অনুষ্ঠানটোৰ নৃত্য পৰিচালনা কৰে।
ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ৰিয়েলিটি ডান্স শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ই হিপ হপৰ গতিশীল ডান্স ফৰ্ম উদযাপন কৰিছে। বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহীয়ে অনুষ্ঠানটোৰ বিচাৰকৰ আসন শুৱনি কৰিছিল, য’ত প্ৰতিযোগীসকলে চূড়ান্ত হিপ-হপ চেম্পিয়ন খিতাপৰ বাবে একক, যুটীয়া আৰু দলীয় প্ৰদৰ্শনৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। এই বিষয়ে নিছান মটৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)ৰ মাৰ্কেটিং, প্ৰডাক্ট এণ্ড কাষ্টমাৰ এক্সপিৰিয়েন্সৰ সঞ্চালক মোহন উইলছনে কয় যে, “হিপ হপ ইণ্ডিয়া’ আৰু মাগনাইটৰ সৈতে আমি ইতিহাস সৃষ্টি কৰি আহিছোঁ আৰু বিশ্বৰ মঞ্চত ভাৰতৰ এই অবিশ্বাস্য প্ৰতিভা উদযাপন কৰিছোঁ।”
গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে ‘হিপ হপ ইণ্ডিয়া’ত ১,৮৭০ গৰাকী নৃত্যশিল্পীয়ে ২০১৪ চনত আমেৰিকাৰ আলাবামাত ১৬৫৮গৰাকী শিল্পীয়ে স্থাপন কৰা অভিলেখ অতিক্ৰম কৰি নতুন বিশ্ব অভিলেখ গঢ়াৰ কথা ঘোষণা কৰিছে। এই সাফল্যৰ লগত সংগতি ৰাখি ভাৰতৰ হিপ-হপ সংস্কৃতিক বিনামূলীয়া দৰ্শনৰ সুবিধা প্ৰদান কৰি আমাজন মিনিটিভিত শ্ব’টো আগবঢ়াইছে।