নিছানে সমগ্ৰ ভাৰতৰ বানত প্ৰভাৱিত বাহনসমূহৰ বাবে আগবঢ়াইছে ব্যাপক সমৰ্থন

72

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) ভাৰতৰ বিভিন্ন অঞ্চলত ভয়াৱহ বানে ক্ষতিগ্ৰস্ত কৰা বা প্ৰভাৱিত হোৱা বাহনসমূহ মেৰামতি বা ন ৰূপ দিবলৈ গ্ৰাহকসকলক সহায়ৰ বাবে এক ব্যাপক সহায়ৰ পদক্ষেপ গ্ৰহণ কৰিছে। বানপীড়িত গাড়ীৰ মালিকসকলক সহায় কৰিবলৈ নিছানে বিশেষ হেল্পডেস্ক স্থাপন কৰিছে আৰু দেশৰ অনুমোদিত নিছান সেৱা কেন্দ্ৰসমূহলৈ বাহন টানি অনাকে ধৰি বিনামূলীয়াকৈ ৰোডছাইড এচিষ্টেন্স(আৰএছএ)ৰ সুবিধআও আগবঢ়াইছে। গ্ৰাহকসকলৰ ওপৰত বিত্তীয় চাপ অধিক হ্ৰাস কৰিবলৈ নিছানে বানপীড়িত বাহনত ১০০০ টকালৈকে ইঞ্চুৰেন্সৰ ক্লেইম প্ৰক্ৰিয়াৰ মাচুল ৰেহাই প্ৰদান কৰিছে। ইয়াৰ উপৰিও নিছানে পৰৱৰ্তী দুমাহত নিজৰ সেৱা ৱৰ্কশ্বপত ইঞ্জিন অইল আৰু অইল ফিল্টাৰ ৰিপ্লেচমেণ্ট, ফ্ল’ৰ কাৰ্পেট সলনি, আৰু বাহনৰ বিস্তৃত পৰীক্ষাৰ ওপৰত ১০%পৰ্যন্ত ৰেহাই আগবঢ়াইছে।

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালনা সঞ্চালক সৌৰভ বৎসই এই প্ৰয়াসৰ সময়ত নিজৰ গ্ৰাহকসকলক সহায় কৰাৰ বাবে নিছানৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ গ্ৰাহকসকল নিছান পৰিয়ালৰ এক অবিচ্ছেদ্য অংশ। আমি একত্ৰিত হৈ সহযোগিতাৰে বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকসকলক প্ৰয়োজনীয় সহায় প্ৰদান কৰাটো অতি জৰুৰী হৈ পৰিছে।”

গুৱাহাটীত নিছানৰ এই পদক্ষেপে শেহতীয়াভানৱে কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত বা অসুবিধাৰ সন্মুখীন হোৱা গ্ৰাহকসকলক যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। স্থানীয় চাৰ্ভিছ ৱৰ্কশ্বপসমূহে সকলো গ্ৰাহকৰ অভাৱ-অভিযোগসমূহ যাতে পূৰণ কৰিব পৰা যায় আৰু আৰ্তজন বা প্ৰয়োজনীয়সকলক সমীপতে দক্ষতাৰে কাৰ্যকৰীভাৱে সহায় কৰিব পৰা যায় তাৰ বাবে সাজু হৈছে। গ্ৰাহকসকলক সহায়ৰ বাবে 1800 209 3456 নম্বৰত হেল্পডেস্কৰ সৈতে যোগাযোগ কৰিবলৈ বা গ্ৰাহকৰ সমীপৰ নিছানৰ অনুমোদিত সেৱা ৱৰ্কশ্বপলৈ যাবলৈ উৎসাহিত কৰা হৈছে।