নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে ২০২৩ চনৰ মে’ মাহত ৪৬৩১ ইউনিটৰ পাইকাৰী বিক্ৰী হোৱাৰ কথা ঘোষণা কৰিছে। ঘৰুৱা পাইকাৰী বিক্ৰী ২৬১৮ ইউনিট হোৱাৰ বিপৰীতে ৰপ্তানি পাইকাৰী বিক্ৰী ২০১৩ ইউনিট। ২০২৩ৰ মে’ মাহত ঘৰুৱা বিক্ৰী ২৩% বছৰি বৃদ্ধি পোৱাৰ লগতে ২০২২ বিত্তীয় বৰ্ষৰ তুলনাত মুঠ ২৩% YTD বৃদ্ধি পাইছে।
নিছান মেগনাইটৰ ক্ৰমবৰ্ধিত চাহিদাই উৰ্ধমুখী ধাৰা বজাই ৰাখি ২৩% বৃদ্ধি সূচনা কৰিছে। নিছান মেগনাইটক বিশ্বৰ ১৫খন বজাৰলৈ ৰপ্তানি কৰা হয়। শেহতীয়াকৈ ছিচেলছ, বাংলাদেশ, উগাণ্ডা আৰু ব্ৰুনেইত মুকলি কৰা হৈছে বজাৰ। ই গ্ল’বেল NCAPৰ পৰা এডাল্ট অক্যুপেণ্ট ছেফটিৰ বাবে ফৰ ষ্টাৰ সুৰক্ষা ৰেটিং লাভ কৰিছে। শেহতীয়াকৈ নিছানে অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্য প্ৰৱৰ্তন কৰি মেগনাইটক আৰু অধিক উন্নত কৰিছে। শেহতীয়া বৰ্ষবোৰত নিছান ইণ্ডিয়াই ইউৰোপৰ পৰা মধ্যপ্ৰাচ্যৰ দেশ যেনে চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান, কাটাৰ, বাহৰেইন, কুৱেইটলৈ নিজৰ প্ৰাথমিক ৰপ্তানি বজাৰ স্থানান্তৰিত কৰিছে।
এই সন্দৰ্ভত নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে মন্তব্য কৰে যে, “নিছান মেগনাইটৰ বৰ্ধিত চাহিদাৰ বলত ২৩% বৃদ্ধিৰে ইতিবাচক গতি অব্যাহত আছে। তীব্ৰ প্ৰতিযোগিতামূলক মূল্যৰ স্থানত আকৰ্ষণীয় মূল্য প্ৰস্তাৱৰ সৈতে নিছান মেগনাইট বিশেষ সংস্কৰণ GEZAৰ শুভাৰম্ভই মেগনাইট ব্ৰেণ্ডক শক্তিশালী কৰি তুলিছে।”
