চেন্নাইত নিছান একাডেমী মুকলি কৰাৰ কথা ঘোষণা নিছান মটৰ ইণ্ডিয়াৰ

81

নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই চেন্নাইৰ এলায়েন্স জেভি প্লাণ্টত  প্ৰথমটো অত্যাধুনিক ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰ—নিছান একাডেমী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই একাডেমীয়ে সমগ্ৰ ভাৰতত নিছানৰ ডিলাৰশ্বিপ আৰু চাৰ্ভিচ ষ্টাফ নেটৱৰ্কৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰিব, যিয়ে নিছানৰ ব্যতিক্ৰমী গ্ৰাহক অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতিক শক্তিশালী কৰিব।

ডিভিপি এমিইঅ’ আৰু নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছৰ দ্বাৰা উদ্বোধন কৰা এই ১০,৫০০ বৰ্গফুটৰ প্ৰশিক্ষণ কেন্দ্ৰটো সকলো নিছান মটৰ ইণ্ডিয়া ডিলাৰশ্বিপ দলৰ বাবে বিক্ৰী, কাৰিকৰী তত্বাৱধান আৰু বডী শ্বপ সেৱাৰ মাজেৰে শীৰ্ষ স্তৰৰ শিক্ষামূলক আৰু প্ৰশিক্ষণ অভিজ্ঞতা প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে।নিছান একাডেমীত বাহন মেৰামতি, সমস্যা নিৰ্ণয় আৰু সামগ্ৰিক অন্যান্য অতিৰিক্ত পৰিৱৰ্তনৰ ক্ষেত্ৰত হাতে-কামে প্ৰশিক্ষণৰ বাবে এক উন্নত যান্ত্ৰিক ৱৰ্কশ্বপৰ সুবিধাও আছে।

এই একাডেমীত এবছৰত ১,০০০ৰো অধিক টেকনিচিয়ানক প্ৰশিক্ষণ দিব পাৰি, যি নিছানৰ ডিলাৰশ্বিপ নেটৱৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰাৰ লগতে সমগ্ৰ ভাৰতত সেৱাৰ সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ এক গুৰুত্বপূৰ্ণ অংশ। এই মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি এএমআইইঅ’ অঞ্চলৰ ব্যৱসায়িক ৰূপান্তৰ বিভাগৰ মাণ্ডলিক উপাধ্যক্ষ তথা নিছান ইণ্ডিয়া অপাৰেচনছ বিভাগৰ অধ্যক্ষ ফ্ৰেংক টোৰেছে এই বিষয়ে কয় যে,”আমি এই বছৰৰ আৰম্ভণিতে নিছান এক্স-ট্ৰেল আৰু নতুন নিছান মেগনাইট মুকলি কৰাৰ সময়ত ঘোষণা কৰা আমাৰ পৰিকল্পনা অনুসৰিয়েই আগবাঢ়িছোঁ।”