কম ৰক্ষণাবেক্ষণ খৰচেৰে বি-এছইউভিৰ বাবে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে নিছান মেগনাইটে

98

নিছান মটৰ ইণ্ডিয়াই শেহতীয়া মেগনাইট মুকলি কৰি বি-এছ ইউ ভি ছেগমেণ্টত আগশাৰীৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু মাত্ৰ ৩৯ পইচাৰ দৰত প্ৰথম ৫০,০০০ কিলোমিটাৰলৈকে ৰক্ষণাবেক্ষণ সেৱা আগবঢ়াব। এই যুগান্তকাৰী অফাৰত এক মানসম্পন্ন ৩ বছৰ/১০০,০০০ কিলোমিটাৰৰ ৱাৰেণ্টী অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াক নূন্যতম অতিৰিক্ত খৰচৰ বাবে ৬ বছৰলৈ বৃদ্ধি কৰিব পাৰি, যাৰ ফলত গ্ৰাহকৰ মানসিক প্ৰশান্তি নিশ্চিত হয়।

ইয়াৰ লগতে প্ৰতিষ্ঠানটোৱে ‘নিছান মেগনাইট কেয়াৰ’ আগবঢ়াইছে, য’ত প্ৰিপেইড মেইণ্টেনেন্স প্লেনৰ জৰিয়তে ২১% পৰ্যন্ত সঞ্চয়ৰ সুবিধা প্ৰদান কৰে। এই সুবিধাৰ অধীনত বাহনৰ প্ৰকৃত অংশ আৰু ব্যাপক কভাৰেজৰ সৈতে বাধাহীন সেৱা প্ৰদান কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত পুনৰ বিক্ৰীৰ মূল্যও বৃদ্ধি পায়। উল্লেখযোগ্য যে, গুৱাহাটীৰ গ্ৰাহকসকলে এই সুবিধাসমূহৰ পৰা বিশেষভাৱে লাভৱান হ’ব পাৰে, কিয়নো স্থানীয় বজাৰত সুলভ মূল্যৰ, নিৰ্ভৰযোগ্য বাহনৰ চাহিদা বৃদ্ধি পোৱা দেখা গৈছে। নিছানৰ সেৱাসমূহৰ সুবিধা আৰু নগদবিহীন মেৰামতিৰ ব্যৱস্থা দেশজুৰি উপলব্ধ হোৱাৰ বাবে অসমৰ গ্ৰহকেও অতিৰিক্ত খৰচ নোহোৱাকৈ  চাৰ্ভিচিঙৰ সুবিধা লাভ কৰিব পাৰিব।

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সৌৰভ বত্সই গ্ৰাহকৰ সন্তুষ্টিৰ প্ৰতি প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, “আমি আমাৰ সামগ্ৰী আৰু সেৱাৰ জৰিয়তে এক নিৰৱচ্ছিন্ন ড্ৰাইভিং অভিজ্ঞতা প্ৰয়াস কৰি আছো।” এই সুবিধা আৰম্ভ কৰাৰ পিছত ১.৫ লাখতকৈ অধিক বাহন বিক্ৰী হোৱাটোৱে নতুন মেগনাইটৰ উন্নত সুৰক্ষা বৈশিষ্ট্যৰ সৈতে সংযুক্ত এক সাহসী ডিজাইনৰ প্ৰতিশ্ৰুতি দিছে, যাৰ ফলত ই বিবেচনাশীল গ্ৰাহকৰ বাবে এক আকৰ্ষণীয় বিকল্প হৈ পৰিছে।