সমগ্ৰ ভাৰতবৰ্ষৰ বানত ক্ষতিগ্ৰস্ত বাহনসমূহৰ বাবে নিছানে আগবঢ়াইছে ব্যাপক সমৰ্থন 

160

ভাৰতৰ বিভিন্ন অঞ্চলত দীৰ্ঘম্যাদী বানপানীৰ পৰিপ্ৰেক্ষিতত নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে (এনএমআইপিএল) বানৰ ফলত ক্ষতিগ্ৰস্ত গ্ৰাহকসকলৰ বাবে ব্যাপক সমৰ্থন ব্যৱস্থাৰ সম্প্ৰসাৰণ কৰিছে। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত নিজৰ গ্ৰাহকসকলক বিভিন্ন সহায় সেৱাৰে সমৰ্থন যোগাবলৈ প্ৰতিশ্ৰুতিবদ্ধ, এই বিশেষ সেৱাসমূহ ২০২৪ৰ ৩০ ছেপ্টেম্বৰলৈকে উপলব্ধ হ’ব। নিচানে বানত ক্ষতিগ্ৰস্ত বাহনসমূহ সহায় কৰাৰ বাবে এক সমৰ্পিত বিশেষ হেল্পডেস্ক স্থাপন কৰিছে। নিছানে নিকটতম কৰ্তৃত্বপ্ৰাপ্ত নিছান চাৰ্ভিছ ৱৰ্কশ্বপলৈ প্ৰভাৱিত বাহনবোৰ মেৰামতিকে ধৰি বিনামূলীয়া পথৰ কাষৰ সহায় (আৰএছএ) সেৱা প্ৰদান কৰিব। ইয়াৰ উপৰিও নিছানে নিজৰ ডিলাৰসকলৰ সৈতে বানত ক্ষতিগ্ৰস্ত বাহনৰ বাবে ১,০০০ টকালৈকে বীমা ক্লেইম প্ৰচেছ মাচুল ৰেহাই প্ৰদান কৰিবলৈ দিহা কৰিছে।

এই পদক্ষেপৰ প্ৰধান উদ্দেশ্য হৈছে বীমাৰ দাবী নিষ্পত্তি কৰিব বিচৰা গ্ৰাহকসকলৰ ওপৰত আৰ্থিক বোজা লাঘৱ কৰা। নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই কয় যে, “আমি চলিত বানপানীৰ বাবে আমাৰ গ্ৰাহকসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ উপলব্ধি কৰিছোঁ আৰু গ্ৰাহকৰ বাহসমূহৰ সুৰক্ষা আৰু সন্তুষ্টি সদায়ে আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ।  বৰ্তমানে অব্যাহত থকা প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ আমি আমাৰ সমৰ্থন ব্যৱস্থাসমূহ ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰলৈকে বৃদ্ধি কৰিছোঁ।”

ইয়াৰ লগতে নিছান মটৰ ইণ্ডিয়াই ইঞ্জিন অইল/অইল ফিল্টাৰ সলনি কৰাৰ ক্ষেত্ৰত ১০% বিশেষ অফাৰ, ফ্ল’ৰ কাৰ্পেট সলনিৰ ক্ষেত্ৰত ১০% বিশেষ অফাৰ আৰু অনুমোদিত সেৱা ৱৰ্কশ্বপত সকলো বানত ক্ষতিগ্ৰস্ত বাহনসমূহৰ বিশদ বাহনৰ স্বাস্থ্য পৰীক্ষাৰ সুবিধা আগবঢ়াইছে।