নিছানে সশস্ত্ৰ বাহিনী আৰু আৰক্ষীৰ বাবে আগবঢ়াইছে ‘বল্ড ফৰ দ্য ব্ৰেভ’ ৰিপাব্লিক বোনাঞ্জা

7

নিছান মটৰ ইণ্ডিয়াই প্ৰতিৰক্ষা কৰ্মী, অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক আৰক্ষী জোৱান-কৰ্মীসকলৰ বাবে একচেটিয়া ‘বল্ড ফৰ দ্য ব্ৰেভ’ ৰিপাব্লিক বোনাঞ্জা ঘোষণা কৰিছে, যি নিজৰ ধ্বাজাবাহী এছইউভি নতুন নিছান মেগনাইটত গুৰুত্বপূৰ্ণ লাভালাভ আগবঢ়াইছে। এই পদক্ষেপৰ জৰিয়তে দেশৰ ৰক্ষকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি ভাৰতৰ ৭৬সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে।


ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সেৱা আগবঢ়োৱা কৰ্মী-বীৰ জোৱানসকলে চিএছডি এএফডি পৰ্টেলৰ জৰিয়তে মেগনাইট বুকিং কৰিব পাৰে, বৰ্তমান ৭২,০০০ৰ পৰা ১ লাখলৈকে বিশেষ সুবিধা লাভ কৰিব পাৰে। কেন্দ্ৰীয় অৰ্ধসামৰিক আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ বাবে নিছান ডিলাৰশ্বিপত বুকিঙৰ জৰিয়তে ২৩,০০০ টকাপৰ্যন্ত সঞ্চয়ৰ সুবিধা উপলব্ধ। এই অফাৰসমূহ ২০২৫ চনৰ ৩১ জানুৱাৰীলৈকে বৈধ হৈ থাকিব।


বি-এছইউভি ছেগমেণ্টৰ আগশাৰীৰ নিছান মেগনাইটে ২০২০ চনত বজাৰলৈ মুকলি কৰাৰ পিছৰে পৰা ১.৫ লাখৰো অধিক বিক্ৰী কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ জনপ্ৰিয়তা অসমৰ বজাৰলৈকে বিস্তৃত হৈ আছে, য’ত নেগনাইটৰ শক্তিশালী ডিজাইন আৰু প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণৰ বাবে ক্ৰেতাৰ মাজত ক্ৰমান্বয়ে পচন্দৰ বিকল্প হৈ পৰিছে। বোনাঞ্জাৰ অধীনত একচেটিয়া সুবিধাসমূহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ ডিলাৰসমূহৰ মাজত, বিশেষকৈ নিৰাপত্তাৰক্ষীৰ মাজত চাহিদা বৃদ্ধি হোৱাৰ আশা কৰিছে। এই শুভাৰম্ভণি অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি নিছান মটৰ ইণ্ডিয়াৰ এমডি সৌৰভ বৎসই কয় যে, “এই প্ৰচেষ্টাই আমাৰ দেশখনক সুৰক্ষিত কৰা সাহসী ব্যক্তিসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰতিফলিত কৰিছে। মেগনাইটৰ দীৰ্ঘস্থায়ীতাই এইসকল ব্যক্তিৰ বাবে প্ৰয়োজন অনুসৰি এক আদৰ্শ অংশীদাৰ কৰি তোলে। “