নিছান মটৰ ইণ্ডিয়াই ৬,৪৯,৯০০ টকাৰ পৰিচয় মূল্যত অল-নিউ নিছান মেগনাইট ইজেড-শ্বিফ্ট মুকলি কৰিছে, যাৰ ফলত ই এছইউভি, চেডান আৰু ছেগমেণ্টৰ ভিতৰতে আটাইতকৈ সহজ আৰু সুলভ এএমটি হৈ পৰিছে। ইজেড-শ্বিফ্টত ৫ স্পীড গতিৰ স্বয়ংক্ৰিয় মেনুৱেল ট্ৰেন্সমিছন আছে, যিয়ে এক সুলভ স্বয়ংক্ৰিয়তাৰে ক্লাটছ-বিহীন সহজ ড্ৰাইভিং প্ৰদান কৰে। নিছান মেগনাইট ইজেড-শ্বিফ্টক ‘ইজেড-শ্বিফ্ট’ বুলি চিহ্নিত কৰা হৈছে, যাৰ অৰ্থ হৈছে সহজ, মিতব্যয়ী আৰু ৰোমাঞ্চকৰ।
১.০ লিটাৰৰ স্বাভাৱিকভাৱে এস্পিৰেটেড ইঞ্জিনক মেনুৱেল আৰু ইজেড-শ্বিফ্ট দুয়োটা ট্ৰেন্সমিছনৰ বাবে বৰ্ধিত ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। নিছান মেগনাইট ইজেড-শ্বিফটে এক মসৃণ আৰু কাৰ্যক্ষম ড্ৰাইভ অভিজ্ঞতাৰ বাবে ডুৱেল ড্ৰাইভিং মোড আৰু ইণ্টেলিজেণ্ট ক্ৰীপ ফাংচন প্ৰদান কৰিছে। ইজেড-শ্বিফ্ট সকলো গ্ৰেড(এক্সই বেছ, এক্সএল মিড, এক্সভি আপাৰ, এক্সভি প্ৰি-প্ৰিমিয়ম)ত উপলব্ধ হ’ব আৰু শেহতীয়াকৈ মুকলি কৰা মেগনাইট কুৰো স্পেচিয়েল এডিছনতো উপলব্ধ হ’ব। নিছান মেগনাইট ফেমিলীয়ে চাৰিটা পাৱাৰট্ৰেইন বিকল্পলৈ সম্প্ৰসাৰণ কৰিব, য’ত আছে ১.০ লিটাৰৰ নেচাৰেলী এস্পিৰেটেড ইঞ্জিনত মেনুৱেল এণ্ড ইজেড-শ্বিফ্ট আৰু ১.০ লিটাৰ টাৰ্বো ইঞ্জিনত মেনুৱেল আৰু চিভিটি। ১০ অক্টোবৰৰ পৰা মাত্ৰ ১১ হাজাৰ টকাতে বুকিং উপলব্ধ ইজেড-শ্বিফ্টৰ।
এই বিষয়ে মন্তব্য কৰি নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, “নিছান মেগনাইট এক গেম-চেঞ্জাৰলৈ পৰিণত হৈ আহিছে, শক্তিশালী মূল্য প্ৰস্তাৱ, শীৰ্ষ স্তৰৰ সুৰক্ষা ৰেটিং আৰু মালিকীস্বত্বৰ কম খৰচৰ সৈতে নতুন মানদণ্ড স্থাপন কৰিছে নিছান মেগনাইটে।”