Nissan Magnite ICC WC 2023 Kuro OOH_1x1
নিছান মটৰ ইণ্ডিয়াই ৮.২৭ লাখ টকাৰ পৰা আৰম্ভণি মূল্যত নিছান মাগনাইট কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে। কুৰো স্পেচিয়েল এডিছন সকলো আপাৰ গ্ৰেডতে উপলব্ধ, যাৰ ভিতৰত আছে ৮,২৭,০০০ টকাত এমটি কুৰো, ৯,৬৫,০০০ টকাত টাৰ্বো এমটি কুৰো আৰু ১০,৪৫,৯০০ টকাত টাৰ্বো চিভিটি কুৰো। এই স্পেচিয়েল এডিছনে পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল অংশীদাৰ হিচাপে আইচিচিৰ সৈতে নিছানৰ অংশীদাৰিত্বক উদযাপন কৰিছে। নিছানৰ ডিলাৰশ্বিপলৈ গৈ নিছান মেগনাইট পৰীক্ষা কৰি বিশ্বকাপৰ মেচৰ টিকট লাভ কৰিব পাৰেগ্ৰাহকসকলে।
এই স্পেচিয়েল এডিছনৰ কুৰো এছইউভিৰ বিশেষত্ব হৈছে বাহ্যিক আৰু ভিতৰভাগ সম্পূৰ্ণৰূপে ক’লা বৰণৰ, লগতে ইয়াত আছে স্কিড প্লেট, ৰুফ ৰে’ল, এলয়, ৩৬০ ডিগ্ৰী এৰাউণ্ড ভিউ মনিটৰ (এভিএম), পিছফালৰ এচি ভেণ্টৰ সৈতে এটা চেণ্টাৰ কনছ’ল আৰ্মৰেষ্ট আৰু অতিৰিক্ত সুবিধা আৰু ষ্টাইল যোগ কৰাৰ বাবে বহল আইআৰভিএম। কুৰো-থিমযুক্ত বিশেষ সংস্কৰণ এছইউভি প্ৰিমিয়াম মানদণ্ড আৰু প্ৰতিষ্ঠিত নিৰ্ভৰযোগ্যতাৰ প্ৰতিফলন। নিছান মেগনাইট কুৰো বিশেষ সংস্কৰণ হৈছে এক অনন্য আৰু ষ্টাইলিছ এছ ইউ ভি, যিয়ে ভিৰৰ মাজত পৃথক, লগতে জাপানীজ আড়ম্বৰৰ সৈতে আকৰ্ষণীয় শৈলীৰ মিশ্ৰণ।
মূল্য নিৰ্ধাৰণৰ ঘোষণা সন্দৰ্ভত মন্তব্য কৰি নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, “বিবেচনাসম্পন্ন গ্ৰাহকৰ পৰিৱৰ্তিত আকাংক্ষিত প্ৰয়োজনীয়তা আৰু পছন্দসমূহ পূৰণৰ বাবে আমাৰ দায়বদ্ধতা এই স্পেচিয়েল এডিছনত প্ৰদৰ্শিত হৈছে।”
