নিছান হৈছে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ অফিচিয়েল পাৰ্টনাৰ। একেৰাহে অষ্টম বছৰ ধৰি অব্যাহত আছে এই অংশীদাৰ আৰু এই স্থায়ী অংশীদাৰিত্বৰ স্মৃতিত মেগনাইটে কুৰো বিশেষ সংস্কৰণ মুকলি কৰিছে, যি গ্ৰাহকসকলক আইচিচি বিশ্বকাপৰ সৈতে থকা সম্পৰ্ক উদযাপন কৰাৰ বাবে এক প্ৰিমিয়াম বিকল্প প্ৰদান কৰিছে। নিছান মটৰ ইণ্ডিয়া(এনএমআইপিএল)ই মাগনাইটে কুৰো স্পেচিয়েল সংস্কৰণৰ বাবে প্ৰি-বুকিং আৰম্ভ কৰিছে, যি হৈছে জাপানী ভাষাৰ ‘ব্লেক’ শব্দৰ পৰা উদ্ভৱ হোৱা এক অনন্য এছইউভি। আড়ম্বৰপূৰ্ণ শৈলী আৰু জাপানীজ নান্দনিকতাৰ বৈশিষ্ট্যৰে পূৰ্ণ কুৰো থিম হৈছে প্ৰিমিয়াম মানদণ্ড আৰু প্ৰতিষ্ঠিত নিৰ্ভৰযোগ্যতাৰ প্ৰতিফলন।
২০২৩ চনৰ অক্টোবৰ মাহতে মুকলি হ’ব নিছান মেগনাইট কুৰো বিশেষ সংস্কৰণ। ইয়াৰ সকলো আপাৰ গ্ৰেডতে ১১,০০০ টকাত বুকিং উপলব্ধ, ১৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ বুকিং। সম্পূৰ্ণ ক’লা ৰঙৰ এই বাহনখনত আছে ৩৬০ ডিগ্ৰী এৰাউণ্ড ভিউ মনিটৰ, পিছফালৰ এচি ভেণ্টৰ সৈতে চেণ্টাৰ কনছ’ল আৰ্মৰেষ্ট, থিমযুক্ত ফ্ল’ৰ মেট আৰু ৱায়াৰলেচ চাৰ্জাৰ।
এই বিষয়ে নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, “এই উৎসৱৰ বতৰত, মূল্য আৰু উদ্ভাৱন বিচৰা বিচক্ষণ গ্ৰাহকসকলৰ বাবে নিছান মাগনাইট কুৰো স্পেচিয়েল সংস্কৰণে এক সঁচাকৈয়ে ব্যতিক্ৰমী ড্ৰাইভিং অভিজ্ঞতাৰ বাবে ষ্টাইল, দাম আৰু সুৰক্ষাৰ সংমিশ্ৰণত প্ৰিমিয়াম সুবিধাৰ সৈতে এক অল-ব্লেক সুন্দৰতা প্ৰদান কৰিছে।”
