নিছান ইণ্ডিয়াই ৮১৫৬ খন বাহন পাইকাৰী

105

নিছান ইণ্ডিয়াই ঘৰুৱা বজাৰৰ বাবে জুলাই’২১-ৰ বাবে ৪২৫৯ খন বাহনৰ পাইকাৰী ঘোষণা কৰিছে, যি হৈছে সৰ্ব-নতুন নিছান মাগনিটৰ সফল মুকলিৰ বলত যোৱা ৩ বছৰত ইয়াৰ সৰ্বাধিক মাহিলী বিক্ৰী। ৰপ্তানি বজাৰত নিছান মাগনিট যোগ দিয়াৰ বলত ৩৮৯৭ টা গোটৰ ৰপ্তানি আহিছিল। বিশ্বব্যাপী বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত অগ্ৰণী, নিচানে শেহতীয়াকৈ নেপালত নিছান লিফ বৈদ্যুতিক বাহন মুকলি কৰে, নেপালৰ বজাৰত নিছান মাগনিটৰ সফল মুকলিৰ পিছত ইয়াৰ সামগ্ৰীপৰ্টফলিঅ’ৰ শক্তি বৃদ্ধি কৰে।

সৰ্ব-নতুন নিছান মাগনিটে ২ বছৰ (৫০,০০০ কিমি) ৱাৰেণ্টিৰ সৈতে সৰ্বশ্ৰেষ্ঠ, নিম্নতম শ্ৰেণীৰ তত্বাৱধান ব্যয়ৰ সৈতে আহে। নিছান গ্ৰাহকসকলে সেৱা বুক কৰিব পাৰে আৰু আনকি নিছান চাৰ্ভিচ হাব বা নিছান কানেক্টৰ জৰিয়তে নিছান সেৱা ব্যয় কেলকুলেটৰৰ জৰিয়তে অনলাইন ব্যয় পৰীক্ষা কৰিব পাৰে।
ইয়াৰ গ্ৰাহকসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ কথা মনত ৰাখি, নিচানে ডিলাৰশ্বিপলৈ অহা-যোৱা কৰা নিছান গাড়ীৰ ‘কনভেনিয়েন্স অফ ডোৰষ্টেপ চাৰ্ভিচ’ আৰু ‘পিক-আপ এণ্ড ড্ৰপ-অফ’ সেৱা আৰম্ভ কৰিছিল। নিচানে সম্পূৰ্ণৰূপে সম্পৰ্কহীন গাড়ী ক্ৰয়ৰ অভিজ্ঞতা সম্প্ৰসাৰিত কৰাৰ বাবে এক ডিজিটেল প্লেটফৰ্ম Shop@Home মুকলি কৰিছে। নিছান ইণ্ডিয়াই শেহতীয়াকৈ কেণ্টিন ষ্ট’ৰ বিভাগত (চিএছডি) নিছান আৰু ডাটচুন সামগ্ৰীৰ সম্পূৰ্ণ পৰিসৰউপলব্ধ হোৱাৰ কথাঘোষণা কৰিছে।