নিছান মেগনাইটৰ সফলতাৰ পিছত নিছান ইণ্ডিয়াৰ ব্যৱসায়িক ফলাফল সন্দৰ্ভত আইআইএম আহমেদাবাদৰ কেছ ষ্টাডী

525

নিছানে ভাৰতত বিগ, বল্ড, বিউটিফুল নিছান মেগনাইট মুকলি কৰি পৰিৱৰ্তনৰ নতুন দিগন্তৰ সূচনা কৰিছে। প্ৰায় ৩ বছৰৰ পূৰ্বে ২০২০ চনৰ ডিচেম্বৰ মাহত কোভিড-১৯ মহামাৰীৰ সেই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱাত নিছান ইণ্ডিয়াই যুগান্তকাৰী পদক্ষেপ হাতত লৈছিল। অভিনৱ মূল্য প্ৰস্তাৱৰ জৰিয়তে নিছান মেগনাইট মুকলিৰ প্ৰথম মাহত ৩২,৮০০ গ্ৰাহকৰ বুকিং কৰি ইনষ্টেণ্ট গ্ৰাহকৰ প্ৰিয়প্ৰাত্ৰ হৈ পৰিছিল। ই এছইউভি, চেডান আৰু হেচবেক ছেগমেণ্টৰ গ্ৰাহকক সীমাৰ পৰিধি ভাঙি আকৰ্ষণ কৰিছিল আৰু অটো সাংবাদিক আৰু মিডিয়া সম্প্ৰদায়ৰ পৰা একাধিক বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।

মহামাৰীৰ সময়ত নিছান ইণ্ডিয়া মেগনাইটৰ সফল শুভাৰম্ভণিৰ ওপৰত এক কেছ ষ্টাডীৰ তথ্য ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট আহমেদাবাদে (আইআইএমএ) প্ৰকাশ কৰিছে। ‘লাঞ্চিং দ্য মেগনাইট ইন টাইমছ অৱ দ্য পেণ্ডেমিক: নিছান’ছ ৰিছাৰ্জেন্স ইন ইণ্ডিয়া’ শীৰ্ষক এই অধ্যয়নত কোম্পানীটোৰ পৰিকল্পনাৰ সময়ৰ পৰা কাৰ্যকৰী হোৱালৈকে সম্পূৰ্ণ যাত্ৰাৰ ওপৰত আলোকপাত কৰা হয়, লগতে প্ৰত্যাহ্বান আৰু সুযোগসমূহৰ ওপৰত আলোকপাত কৰা হয় আৰু এই যাত্ৰাকালত সমুখলৈ অহা বাধাক অতিক্ৰম কৰিবলৈ ব্যৱহাৰ কৰা উদ্ভাৱনসমূহৰ ওপৰতো আলোকপাত কৰা হয়।

নিছান ইণ্ডিয়াই ভাৰতীয় বজাৰত তিনি বছৰৰ সফলতা সফলতাৰে সম্পূৰ্ণ কৰিছে, লগতে ২০২৩ চনত ১০০,০০০ উৎপাদনৰ মাইলৰ খুঁটিত উপনীত হৈছে। নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে কয় যে, “নিছান মেগনাইটে ভাৰতত বিনিয়োগৰ প্ৰতিশ্ৰুতি বৃদ্ধি কৰি অত্যন্ত প্ৰতিযোগিতামূলক ভাৰতীয় অটো বজাৰত নিছানৰ পুনৰুত্থানক নেতৃত্ব প্ৰদান কৰি নতুন মাত্ৰা দিছে।”