নিছান মটৰ কোম্পানী লিমিটেড(“নিছান”), হোণ্ডা মটৰ কোম্পানী লিমিটেড (“হোণ্ডা”) আৰু মিতছুবিচি মটৰ্ছ কৰ্পৰেচন(“মিতছুবিচি মটৰ্ছ”)-এ নিছান আৰু হোণ্ডাৰ মাজত স্বাক্ষৰিত এক বুজাবুজি চুক্তিত উল্লেখ কৰা এক যুটীয়া হোল্ডিং কোম্পানী স্থাপনৰ জৰিয়তে ব্যৱসায়িক একত্ৰিকৰণ সন্দৰ্ভত মিতছুবিচি মটৰ্ছৰ অংশগ্ৰহণ, অন্তৰ্ভুক্তি আৰু সমন্বয় ভাগ-বতৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই ফ্ৰেমৱৰ্কত মিতছুবিচি মটৰ্ছে অংশগ্ৰহণ কৰি আহিছে আৰু তিনিওটা কোম্পানীয়ে আলোচনাৰ সৈতে আগবাঢ়িছে।
এই চুক্তিৰ কথা সদৰি কৰি নিছানৰ সঞ্চালক, অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিনিধি কাৰ্যবাহী বিষয়া মাকোটো উচিদাই কয় যে: “আমি আশা কৰোঁ যে যদি এই একত্ৰিকৰণ সফল হয়, তেন্তে আমি এক বিস্তৃত গ্ৰাহক আধাৰৰ কাষ চাপিবলৈ আৰু অধিক মূল্য প্ৰদান কৰিবলৈ সক্ষম হ’ম।”
হোণ্ডাৰ সঞ্চালক আৰু প্ৰতিনিধি কাৰ্যবাহী বিষয়া তুছিহিৰো মিবে নিজৰ অভিমত ব্যক্ত কৰি কয় যে: “মিতছুবিচি মটৰ্ছৰ বিবেচনা অনুসৰি জানুৱাৰীৰ শেষৰ ফালে ব্যৱসায়িক একত্ৰিকৰণৰ সম্ভাৱনা স্পষ্ট কৰাৰ লক্ষ্যৰে নিছান আৰু হোণ্ডাই আজিৰে পৰা আলোচনা আৰম্ভ কৰিব।” ইফালে মিতছুবিচি মটৰ্ছৰ সঞ্চালক, প্ৰতিনিধি কাৰ্যবাহী বিষয়া, অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া তাকাও কাটোৱে উৎসাহেৰে কয় যে: “সমন্বয়-সহযোগিতা উপলব্ধি কৰিবলৈ আৰু প্ৰতিটো কোম্পানীৰ শক্তিসমূহৰ সৰ্বশ্ৰেষ্ঠ ব্যৱহাৰ কৰিবলৈ, আমি সহযোগিতাৰ সৰ্বশ্ৰেষ্ঠ প্ৰকাৰৰ বিষয়ে অধ্যয়ন-গৱেষণা কৰিম।”