কৰ্ণাটকত নিছানৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ

88

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ বেংগালুৰুত তিনিটা নতুন গ্ৰাহক টাচ্চপইণ্ট মুকলি কৰি সমগ্ৰ ভাৰতত ২৭৩টা টাচ্চপইণ্টলৈ নেটৱৰ্ক সম্প্ৰসাৰণৰ কথা ঘোষণা কৰিছে, নতুনকৈ মুকলি কৰা ৩টা সেৱাকেন্দ্ৰৰ ভিতৰত দুটা হৈছে শ্ব’ৰুম আৰু আনটো হৈছে চাৰ্ভিছ ৱৰ্কশ্বপ। নিছানৰ সমগ্ৰ দেশজোৰা নেটৱৰ্কত এই নতুন বিক্ৰী আৰু সেৱা টাচ্চপইণ্টৰ সংযোজনে ভাৰতীয় বজাৰ আৰু এই বজাৰৰ মূল্যৱান গ্ৰাহকৰ প্ৰতি নিছানৰ ক্ৰমবৰ্ধমান দায়বদ্ধতা প্ৰদৰ্শন কৰিছে, যিয়ে আমাৰ গ্ৰাহককেন্দ্ৰিকতা বৃদ্ধিৰ দিশত চলি থকা যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। নতুন টাচ্চপইণ্টসমূহৰ ভিতৰত আছে দুটা শ্ব’ৰুম আৰু এটা হাই-কেপাচিটী চাৰ্ভিছ ৱৰ্কশ্বপ। বেংগালুৰুৰ জুবিলেণ্ট নিছানে নগৰভৱি শ্ব’ৰুমৰ শুভাৰম্ভণি অনুষ্ঠানত দেশৰ প্ৰথমজন গ্ৰাহকক সম্পূৰ্ণ নতুন ফৰ্থ জেনেৰেচন এক্স-ট্ৰেইল বাহনখন প্ৰদান কৰে। এই তিনিটা সেৱা কেন্দ্ৰৰ শুভাৰম্ভণিয়ে ভাৰতত নিছানৰ ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনাত বেংগালুৰু আৰু দক্ষিণাত্য অঞ্চলত আৰু এখোজ আগুৱালে।

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)ৰ পৰিচালন সঞ্চালক সৌৰভ বৎসই এই বিষয়ে কয় যে, “ভাৰতত নিছানৰ বিক্ৰী-ব্যৱসায়ত দক্ষিণ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অৱদান আছে। কৰ্ণাটক ৰাজ্যখনে শেহতীয়াভাৱে আমাৰ অন্যতম শক্তিশালী বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বেংগালুৰু এই অঞ্চলৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ। গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি আমি এই সজীৱ চহৰখনত আমাৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ অব্যাহত ৰাখিছোঁ।”

নিছান মটৰ ইণ্ডিয়াই ‘ফিজিটেল’ বিতৰণ পদ্ধতিৰে কাম কৰে, যি পদ্ধতিয়ে গ্ৰাহকসকলক নিজৰ সকলো প্ৰয়োজনীয়তাৰ বাবে এক অসুবিধা-মুক্ত, ৱান-ষ্টপ সমাধান প্ৰদান কৰে। নিছানে গ্ৰাহকৰ পছন্দৰ শ্ব’ৰুমটোত প্ৰৱেশ কৰি এক একত্ৰিত অফলাইন-অনলাইন পৰিশোধ বিকল্পৰ সৈতে এক নিৰৱচ্ছিন্ন, সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰিছে।