বিশ্বব্যাপী বৈদ্যুতিক বাহনৰ বিক্ৰীয়ে ১ মিলিয়ন ইউনিটৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ কথা ঘোষণা কৰিছে নিছান মটৰ কোম্পানী লিমিটেডে । ২০১০ চনৰ ডিচেম্বৰ মাহত মুকলিৰ পিছৰে পৰা নিছান লিফে সমগ্ৰ পৃথিৱীত ৬৫০,০০০কৈ অধিক ইউনিট বিক্ৰী কৰিছে। বৰ্তমান জাপান, আমেৰিকা আৰু ইউৰোপক কেন্দ্ৰ কৰি প্ৰায় ৫০খন বজাৰত বিক্ৰী অব্যাহত ৰখা এই মডেলে বিশ্বৰ গ্ৰাহকৰ দ্বাৰা উচ্চ মূল্যায়ন লাভ ৰাখিছে আৰু একাধিক বজাৰত যথেষ্ট সংখ্যক সন্মানীয় বঁটা লাভ কৰিছে।
২০২২ চনত নিছান আৰিয়া অল-ইলেক্ট্ৰিক ক্ৰছঅভাৰ মুকলি কৰিছিল নিছানে। য’ত ই-৪অ’আৰচিই অল-হুইল কণ্ট্ৰ’ল আৰু প্ৰ’পাইল’ট২.০ ৰিভাৰ ছাপ’ৰ্টৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সুবিধা আছে। এই উন্নত ডিজাইনে জাপানত অটো কালাৰ এৱাৰ্ড ২০২১ গ্ৰেণ্ড প্ৰিক্স আৰু জাৰ্মানীত ৰেড ডট ডিজাইন বঁটা লাভ কৰিছে। লগতে ৱাৰ্ডছ ১০ বেষ্ট ইণ্টেৰিয়ৰ্ছ এণ্ড ইউএক্স লিষ্টত স্থান লাভ কৰিছে। উল্লেখ্য যে, ২০২২ চনত জাপানত প্ৰথমখন ইলেক্ট্ৰিক বাহন চাকুৰা ৫০,০০০ অৰ্ডাৰৰ সৈতে মুকলি কৰিছিল নিছানে।
ইয়াৰ কেবিনৰ শান্ততা, মসৃণ ত্বৰণ, বিশাল অভ্যন্তৰীণ অংশ আৰু পৰ্যাপ্ত দৈনিক ড্ৰাইভিং ৰেঞ্জে ইয়াক জনপ্ৰিয় পছন্দ কৰি তুলিছে। বৈদ্যুতিকৰণৰ গতিবেগ বা বাহনখণ্ডলৈ আগবঢ়োৱা অৰিহণাৰ বাবে ছাকুৰাই ২০২২-২০২৩ জাপান কাৰ অৱ দ্য ইয়েৰ, ২০২৩ আৰজেচি কাৰ অৱ দ্য ইয়েৰ আৰু ২০২৩ জাহফা কাৰ অৱ দ্য ইয়েৰকে ধৰি ৩টা সন্মানীয় বঁটা লাভ কৰিছে। নিছান এম্বিচন ২০৩০ৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ১৯খন বৈদ্যুতিক বাহন মুকলি কৰা আৰু ২০২৮ চনৰ ভিতৰত ইন-হাউছ অল-ছলিড-ষ্টেট বেটাৰীৰে সমৃদ্ধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। নিছান কোম্পানীয়ে বিশ্বব্যাপী গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ইভি লাইনআপ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।