উন্নত প্ৰযুক্তিৰে ভাৰতত প্ৰিমিয়াম এক্স-ট্ৰেইলৰ মুকলি কৰাৰ কথা ঘোষণা নিছানৰ

96

নিছান মটৰ ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত সম্পূৰ্ণ নতুন ফৰ্থ জেনেৰেচন এক্স-ট্ৰেইল, যিখন বাহনৰ মূল্য ৪৯.৯২ লাখ টকা (এক্স-শ্ব’ৰুম, দিল্লী)। সম্পূৰ্ণৰূপে বিল্ড-আপ (চিবিইউ) বাহন হিচাপে মুকলি কৰা এই ‘মেড ইন জাপান’ বাহনখনে এছইউভিত ভেৰিয়েবল কম্প্ৰেছন টাৰ্বো প্ৰযুক্তিৰ সৈতে বিশ্বৰ প্ৰথমটো প্ৰডাকচন ইঞ্জিন প্ৰদান কৰিছে, যিয়ে অতুলনীয় শক্তি আৰু ইন্ধন কাৰ্যক্ষমতাৰ প্ৰতিশ্ৰুতি বহন কৰিছে।

এক্স-ট্ৰেইল বাহনখন থাৰ্ড জেনেৰেচন এক্সট্ৰনিক চিভিটি, উন্নত ১২ভি এএলআইএছ মাইল্ড হাইব্ৰিড প্ৰযুক্তি আৰু এক পৰিশোধিত পৰিৱৰ্তনশীল সংকোচিত ইঞ্জিনেৰে সজ্জিত, যিখন বাহনে প্ৰদৰ্শন আৰু পৰিৱেশ-অনুকূল ক্ষেত্ৰখনত নতুন মানদণ্ড স্থাপন কৰিছে। তিনি বছৰ/১০০,০০০ কিলোমিটাৰ ৱাৰেণ্টি, ৩ বছৰৰ বিনামূলীয়া পথৰ কাষৰ সহায় আৰু বৈকল্পিক সম্প্ৰসাৰিত ৱাৰেণ্টীসহিতে ইয়াক বিচক্ষণ ক্ৰেতাসকলৰ বাবে প্ৰিমিয়াম পছন্দ কৰিবলৈ সকলো সুবিধা প্ৰদান কৰা হৈছে।

সমগ্ৰ বিশ্বতে এক্স-ট্ৰেইল ২০২৩ৰ শীৰ্ষ ৫খন বেষ্ট চেলিং এছইউভিৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, য’ত ৪,৫০,০০০ৰো অধিক বাহন বিক্ৰী হৈছে। এই বাহনখন বৰ্তমান চেম্পেইন ছিলভাৰ, পাৰ্ল হোৱাইট আৰু ডাইমণ্ড ব্লেক ৰঙত উপলব্ধ। ২৬ জুলাইৰ পৰা ১,০০,০০০ টকা জমা কৰি প্ৰি-বুকিঙৰ সুবিধা প্ৰদান কৰা হৈছে। এক্স-ট্ৰেইলৰ মুকলিৰ লগে লগে গুৱাহাটীত প্ৰিমিয়াম এছ ইউ ভি অনুৰাগীসকলৰ মাজত যথেষ্ট উত্সাহৰ সৃষ্টি কৰিছে। উত্তৰ-পূবৰ প্ৰৱেশদ্বাৰ এই চহৰখনৰ ক্ৰমবৰ্ধমান অৰ্থৱান গ্ৰাহকসকলে এক্স-ট্ৰেইলৰৰ উন্নত প্ৰযুক্তি আৰু একচেটিয়া জাপানীজ কাৰুকাৰ্যৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ই স্থানীয় বজাৰত এক উল্লেখযোগ্য বাহন হিচাপে পৰিগণিত হ’ব।