১৯৯৭ চনৰ পৰা চ’নী প্লে ষ্টেচনৰ বেনাৰত মুক্তি লাভ কৰা বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ৰেচিং ভিডিঅ’ গেম হৈছে গ্ৰেন টুৰিস্মো। চ’নী পিকচাৰ্ছ এণ্টাৰটেইনমেণ্ট ইণ্ডিয়াই নিছান মটৰ্ছৰ সহযোগত চলচ্চিত্ৰ উৎসাহী আৰু গেমাৰসকলৰ দ্বাৰা বহুপ্ৰতীক্ষিত চলচ্চিত্ৰ ‘গ্ৰেন টুৰিস্মো’ৰ বাবে এক অনন্য বিপণন অংশীদাৰিত্বৰ বাবে সহযোগিতা কৰিছে। ২০২৩ চনৰ ২৫ আগষ্টত ভাৰতত প্ৰিমিয়াৰ হ’বলগীয়া চিনেমাখনে অভিজাত মটৰস্প’ৰ্টছ জগতখনক প্ৰত্যাহ্বান জনোৱা আণ্ডাৰডগসকলৰ সঁচা কাহিনীসমূহ বৰ্ণনা কৰে, যাৰ দ্বাৰা ৰেচিঙৰ পৰিৱেশ বা দৃশ্যপট ৰূপান্তৰিত হয়।
গ্ৰেন টুৰিস্মো হৈছে এক প্ৰেৰণাদায়ক আৰু ৰোমাঞ্চকৰ কাহিনী, য’ত আছে এজন সংগ্ৰামী গেমাৰ, এজন বিফল প্ৰাক্তন ৰেচ কাৰ ড্ৰাইভাৰ আৰু এজন আদৰ্শবাদী মটৰস্পৰ্ট কাৰ্যবাহী। এই চলচ্চিত্ৰখনে মটৰস্পৰ্টৰ জিটি একাডেমী আৰু নিছানৰ প্ৰগতিশীল প্ৰত্যাহ্বানকাৰী মানসিকতাৰ উত্তৰাধিকাৰক উদযাপন কৰে। লগতে ব্ৰেণ্ডটোৰ সাহসী “ডেয়াৰ টু ডু” ডিএনএক উজ্বল কৰি তোলে আৰু যুৱ প্ৰতিভাসকলক আকাংক্ষা প্ৰাপ্ত কৰিবলৈ আৰু নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শক্তিশালী কৰি তোলে।
চিনেমাখনে যুৱ প্ৰতিভাক শক্তিশালী কৰাৰ বাবে নিছানৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে আৰু ইয়েই প্ৰমাণ কৰে যে ভিতৰৰ পৰা ইন্ধন যোগালে বা শক্তিৰ যোগান ধৰিলে একোৱেই অসম্ভৱ নহয়। এই বিষয়ে নিছান মটৰ্ছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)ৰ বিপণন, সামগ্ৰী আৰু গ্ৰাহক অভিজ্ঞতা বিভাগৰ সঞ্চালক মোহন উইলছনে কয় যে, “আমি বিশ্বাস কৰোঁ যে এই আকৰ্ষণীয় কাহিনীটো চ’নীৰ সৈতে একেলগে শ্বেয়াৰ কৰি আমি আন মানুহক নিজৰ সপোনবোৰ নিৰ্ভয়ে অনুসৰণ কৰিবলৈ বা সপোনৰ পম খেদি আগুৱাবলৈ অনুপ্ৰাণিত কৰোঁ, যি সময়ত নিছানেও ভাৰতত ব্ৰেণ্ডটোৰ বাবে এক নতুন যাত্ৰা আৰম্ভ কৰিছে।”
