নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (এনএমআইপিএল) আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনে (টিএপিএফ) নতুন দিল্লীত ছাত্ৰ-ছাত্ৰীক ৫০ লাখৰো অধিক পুষ্টিকৰ খাদ্য একেৰাহে প্ৰদান কৰি আহিছে। ২০২৩ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে চলি থকা এই পদক্ষেপে সমগ্ৰ ৰাজধানী চহৰখনৰ চৰকাৰী বিদ্যালয়সমূহত নামভৰ্তি কৰা হাজাৰ হাজাৰ শিশুৰ জীৱনলৈ অভূতপূৰ্ব প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।প্ৰধানমন্ত্ৰীৰ পোষণ অভিযানৰ সৈতে সংগতি ৰাখি এই অংশীদাৰিত্বই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সাহায্যপ্ৰাপ্ত দুয়োখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সহায় কৰাৰ লক্ষ্য হাতত লৈছে আৰু একে সময়তে পুষ্টি আৰু শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সমাধান কৰিছে। নতুন দিল্লীৰ ৪টা অক্ষয় পাত্ৰ ৰন্ধনশালাৰ জৰিয়তে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে ৩০০ৰো অধিক বিদ্যালয়, যাৰ জৰিয়তে নিম্ন আয়ৰ সম্প্ৰদায়ৰ ৪৯,০০০ৰো অধিক শিক্ষাৰ্থী ইতিবাচকভাৱে প্ৰভাৱিত হৈছে।
নিছান মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱে সমাজত এক স্থায়ী পৰিৱৰ্তন আনিবলৈ নিজৰ দৃঢ়তাৰ কথা সদৰি কৰি কয় যে, “পুষ্টি আৰু শিক্ষাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ সমাধান কৰি আমি শিশুসকলৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰিছো।” অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অপাৰেচন এণ্ড প্ৰজেক্টছ শাখাৰ ৰাষ্ট্ৰীয় সভাপতি ভাৰতৰছভা দাসে এই অনুভূতিকে অনুৰণিত কৰে, যিয়ে শিক্ষাৰ্থীসকলৰ জীৱনলৈ এক স্থায়ী পৰিৱৰ্তন আনিবলৈ নিজৰ সমৰ্পণৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।
এই পদক্ষেপে কেৱল খাদ্য সুৰক্ষা আৰু পুষ্টিৰ তাৎক্ষণিক উদ্বেগ দূৰ কৰাৰ বাবে ব্যৱস্থা হাতত লোৱাই নহয়, লগতে বিদ্যালয়ত উপস্থিতি বৃদ্ধি, বিদ্যালয় আধাতে এৰি দিয়া শিশুৰ হাৰ আৰু শিশুৰ মাজত বৈষম্য দূৰ কৰাৰ লক্ষ্যও সমুখত ৰাখিছে। শিশুসকলক পুষ্টি প্ৰদান কৰি এই কাৰ্যসূচীৰ জৰিয়তে সুস্থ আৰু উজ্জ্বল ভৱিষ্যতৰ ভেঁটি স্থাপন কৰে, যাতে এইসকল শিশুৱে শৈক্ষিকভাৱে আৰু আন আন ক্ষেত্ৰতো লাভৱান হোৱাৰ সুযোগ লাভ কৰাটো নিশ্চিত হৈ পৰে।