দুবাৰৰ অলিম্পিক পদক বিজয়ী ভাৰতৰ নীৰজ চোপ্ৰাই পেৰিছ ডাইমণ্ড লীগৰ খিতাপ দখল কৰে। প্ৰথম ৰাউণ্ডতে তেওঁ ৮৮.১৬ মিটাৰ নিক্ষেপ কৰি জয় নিশ্চিত কৰে। ইয়াৰ পূৰ্বে তেওঁ ৯০.২৩ মিটাৰ নিক্ষেপ কৰিছিল আৰু দ্বিতীয় স্থানত আছিল। একে সময়তে পেৰিছ ডাইমণ্ড লীগত জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭.৮৮ মিটাৰ বেষ্ট থ্ৰ’ৰে দ্বিতীয় স্থান লাভ কৰে।
ব্ৰাজিলৰ মৌৰিচিঅ’ লুইজ দা চিলভাই ৮৬.৬২ মিটাৰ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। নীৰজ চোপ্ৰাই প্ৰথমটো থ্ৰ’ কৰিছিল ৮৮.১৬ মিটাৰ। একে সময়তে তেওঁৰ তিনিটা থ্ৰ’ ফাউল হৈছিল তেওঁৰ। প্ৰথম ৰাউণ্ডত পৰৱৰ্তী স্থানত আছে ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৱেবাৰ (৮৭.৮৮ মিটাৰ) আৰু কেশ্বৰ্ণ ৱালকট (৮০.৯৪ মিটাৰ)। দ্বিতীয় ৰাউণ্ড – ৱেবাৰে ৮৬.২০ মিটাৰ থ্ৰ’ কৰাৰ বিপৰীতে নীৰজে ৮৫.১০ মিটাৰ থ্ৰ’ আৰু ৱালকটে ৮১.৬৬ মিটাৰ থ্ৰ’ৰে উন্নতি সাধন কৰে।
ইয়াৰ পিছতে একেৰাহে তিনিবাৰ ফাউল কৰে নীৰজে। ষষ্ঠ আৰু শেষ প্ৰচেষ্টাত তেওঁ মাত্ৰ ৮২.৮৯ মিটাৰ নিক্ষেপ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছতো পেৰিছ ডাইমণ্ড লীগৰ জেভেলিন থ্ৰ’ ইভেণ্টত জয়ী হ’বলৈ সক্ষম হয় নীৰজে।
