NIA, CBIৰ ভয় দেখুৱাই মহাজোঁটৰ পৰা BPFক আঁতৰাব বিচাৰিছে চৰকাৰেঃ ৰিপুণ বৰা

80

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠিত মহাজোঁটৰ পৰা নিজকে পৃথক কৰাত লাগিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফএ। প্ৰাক্তন মন্ত্ৰী ৰিহণ দৈমাৰীয়ে মহাজোঁটৰ পৰা বিপিএফক ওলাই অহাৰ আহ্বানৰ পিছতে দলৰ কেইবাগৰাকীও শীৰ্ষ নেতৃত্বই ইতিমধ্যে মুকলিকৈ মহাজোঁট ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে। ইফালে হাগ্ৰামা মহিলাৰীয়েও ‘য’ত ক্ষমতা তাতেই আমি’ শীৰ্ষক মন্তব্যৰে পুনৰ বিজেপিৰ লগ লগাৰ ইংগিত দিয়াত এই কথা স্পষ্ট হৈ পৰিছে যে অচিৰেই বিপিএফে মহাজোঁট ত্যাগ কৰিব।

তাৰ মাজতে আজি সংবাদ মাধ্যমৰ সন্মুখত বিপিএফক জোৰ কৰি মহাজোঁটৰ পৰা আঁতৰাই ৰখাৰ বাবে বিজেপিয়ে চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতা ৰিপুণ বৰাই। তেওঁ কয় যে চৰকাৰে এনআইএ, চিবিআইৰ দৰে চৰকাৰী সংস্থাৰ প্ৰয়োগেৰে হাগ্ৰামা মহিলাৰীক ভয় ভাবুকি প্ৰদান কৰিছে আৰু মহাজোঁটৰ পৰা ওলাই আহিবলৈ বাধ্য কৰাইছে।

উল্লেখ্য যে, ২০১৬ চনত বিজেপি মিত্ৰজোঁটৰ অন্তৰ্ভূক্ত হৈ চৰকাৰ গঠন কৰিছিল বিপিএফে। কিন্তু ২০২১ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু বিপিএফৰ মাজত ঘটা মতানৈক্যৰ পিছতে ইউপিপিএলৰ সমৰ্থন আগবঢ়ায় বিজেপিয়ে। আনহাতে বিপিএফ-বিজেপিৰ এই সংঘাতৰ সময়তে হাগ্ৰামা মহিলাৰীক জে’ললৈ প্ৰেৰণ কৰাল মুকলি ভাবুকি প্ৰদান কৰি চৰ্চাত আহিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।