সুৰাপায়ী সকলৰ বাবে ভাল খবৰ লৈ আহিছে আবকাৰী বিভাগে ! ৰঙালীৰ প্ৰাকক্ষণত আবকাৰী বিভাগৰ এই সিদ্ধান্তই সুখী কৰিব সুৰাপায়ীসকলক । বাৰ আৰু ৱাইন শ্বপ খোলাৰ ক্ষেত্ৰত নতুন অধিসূচনা জাৰি কৰিছে আবকাৰী বিভাগে।এতিয়াৰ পৰা গুৱাহাটীৰ প্ৰতিখন সুৰাৰ বিপনী নিশা ১১ বজাৰলৈ খোলা থাকিব । ৰঙালীৰ প্ৰাকক্ষণত সুৰাৰ বিপনী খোলা ৰখাৰ সময় বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আবকাৰী বিভাগে । পূৰ্বে নিশা ১০ বজাত বন্ধ হৈছিল প্ৰতিখন সুৰাৰ বিপনী ।
