ড’নাল্ড ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ মাজতো ৰাছিয়াৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছে ভাৰতে। তাৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিবলৈ সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ড’নাল্ড ট্ৰাম্পৰ এনে ভাবুকিৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিবলৈ সাজু হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। জানিব পৰা মতে চলিত আগষ্ট মাহতে ভাৰতলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে পুটিনৰ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) অজিত ডোভালে বৃহস্পতিবাৰে মস্কোত এক বৈঠকৰ সময়ত এই কথা প্ৰকাশ কৰিছে। ড’ভালে কয়, ‘ৰাষ্ট্ৰপতি পুটিনৰ ভাৰত ভ্ৰমণৰ বিষয়ে জানিবলৈ পাই আমি অতিশয় উৎসাহিত হৈছো।
