ঝাৰখণ্ডৰ ৰামগড় জিলাৰ চিচিএল কৰ্ম প্ৰকল্পত সংঘটিত হৈছে এক ডাঙৰ দুৰ্ঘটনা। একাংশ গাঁওবাসীয়ে অবৈধ খনন কৰিবলৈ চিচিএলৰ কুজুত অৱস্থিত চেণ্ট্ৰেল ক’লফিল্ড লিমিটেডৰ কৰ্ম প্ৰকল্পত প্ৰৱেশ কৰে। এই সময়ছোৱাত আকস্মিকভাৱে কয়লা খনি খহি গাঁৱৰ ৪ জন লোকৰ মৃত্যু হয়। আনহাতে কয়লাৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা বাবে গাঁৱৰ একাংশ লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। কিছুমান আহতক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে, ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।তথ্য অনুসৰি কৰ্ম প্ৰকল্পৰ পৰা কয়লা চুৰি কৰিবলৈ গৈছিল তেওঁলোক। এই সময়ছোৱাত কয়লা খনিৰ বৃহৎ অংশ খহি পৰাৰ ফলত চাৰিজন লোকক সমাধিস্থ হয়। এই ঘটনাত চাৰিওজনৰ মৃত্যু হয়। ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে গাঁওবাসীয়ে খৰখেদাকৈ সেই স্থানত উপস্থিত হৈ তিনিটা মৃতদেহ উলিয়াই আনে।স্থানীয় ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি নিহত ৪ জন লোক ইমতিয়াজ, ৰামেশ্বৰ মাঞ্জি, বকিল কৰ্মালী আৰু নিৰ্মল মুণ্ডা বুলি চিনাক্ত কৰা হৈছে।
