নেপালী শ্বেৰ্পাৰ প্ৰখ্যাত গাইড কামি ৰীতাই ৩১ বাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শিখৰত সফলতাৰে সৰ্বাধিকবাৰৰ আৰোহণৰ নিজৰ অভিলেখ ভংগ কৰে ।মঙলবাৰে অভিলেখ সংখ্যক ৩১ বাৰৰ বাবে বিশ্বৰ সৰ্বোচ্চ পৰ্বতৰ শিখৰত উপনীত হয় ।শ্বেৰ্পাই প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত ব্যৱসায়িক অভিযানৰ বাবে কাম কৰি থাকোঁতে মাউণ্ট এভাৰেষ্টৰ শিখৰত থিয় হৈছিল । তাৰ পিছৰ পৰা প্ৰায় প্ৰতি বছৰে তেওঁ এভাৰেষ্ট বগাই ক্লায়েণ্টক গাইড কৰি আহিছে । এবছৰৰ পূৰ্বে ২৯ আৰু ৩০ সংখ্যক বাৰৰ বাবে ৮,৮৪৯ মিটাৰ (২৯,০৩২ ফুট) শৃংগ বগাই যোৱাৰ পিছত শ্বেৰ্পাই কয় যে তেওঁ ‘কেৱল কাম কৰি আছে’ আৰু অভিলেখ গঢ়িবলৈ পৰিকল্পনা কৰা নাই ।য়োজক ছেভেন ছামিট ট্ৰেকছে কয় যে ইতিহাসৰ ভিতৰতে সৰ্বাধিক আৰোহণ কৰা কিংবদন্তি কামি ৰীতা শ্বেৰ্পাক তেওঁৰ ৩১ সংখ্যক সফল এভাৰেষ্ট আৰোহণৰ বাবে ব্যাপক অভিনন্দন ।
