আজি ৰাজস্থানৰ শ্ৰীগংগনগৰত নিৰাপত্তা বাহিনীয়ে বৃহৎ সফলতা লাভ কৰিছে। সূত্ৰ অনুসৰি ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তত আজি ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSF- এ এগৰাকী পাকিস্তানী ৰেঞ্জাৰক গ্ৰেপ্তাৰ কৰিছে। পাক ৰেঞ্জাৰগৰাকীয়ে সীমান্ত পাৰ হৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি, পাকিস্তানী ৰেঞ্জাৰজনে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে BSFৰ টহলদাৰী জোৱানসকলৰ দৃষ্টিগোচৰ হয় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ধৃত পাকিস্তানী ৰেঞ্জাৰগৰাকীয়ে কি উদ্দেশ্যত ভাৰতৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে, পাক ৰেঞ্জাৰজনক সম্প্ৰতি বি এছ এফৰ বিষয়াই জেৰা কৰি আছে। এই ঘটনাৰ পিছত সীমান্তত নিৰাপত্তাৰ ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে।
