নিৰ্বাচন খেলাৰ সপোন পূৰণ নহ’ল । নতুন মুখ হিচাপে প্ৰথমবাৰৰ বাবে টিকট লাভ কৰিছিল যদিও নিৰ্বাচনৰ ২০ দিন পূৰ্বে টিকট প্ৰত্যাহাৰ কৰিবলগীয়া হ’ল । পিতৃয়ে হঠাতে দল ত্যাগ কৰি আন এটা দলত যোগদান কৰাৰ পিছতে পুত্রই প্ৰত্যাহাৰ কৰিলে নিজৰ দলীয় টিকট । হয়, সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্র প্ৰতীক বৰদলৈৰ কথাই কোৱা হৈছে ।পিতৃৰ বিজেপি গমনে প্ৰতীক বৰদলৈক লৈ চৰ্চা আৰম্ভ হৈছিল । অৱশেষত প্ৰতীক বৰদলৈয়ে টিকট প্ৰত্যাহাৰৰ সিদ্ধান্ত ল’লে । দিল্লীত সাক্ষাৎ কৰিলে কংগ্ৰেছৰ শীৰ্ষনেতাক । দিল্লীত কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আৰু জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰিলে প্ৰতীক বৰদলৈয়ে । ইফালে প্ৰতীক বৰদলৈয়ে নিজৰ টিকট প্ৰত্যাহাৰ কৰাৰ কথা জনাই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গলৈ পত্র প্ৰেৰণ কৰে ।
