এক ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে বহু লোকৰ

104

এক ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কাঢ়িলে প্ৰায় ২১ জন লোকৰ, লগতে আহত হয় বহুতো। অবৈধ ফটকা ফেক্টৰীত অগ্নিসংযোগ হোৱাৰ ফলত এই কাণ্ড সংঘটিত হয় য’ত এটা পৰিয়ালৰে ১১ জন লোকে প্ৰাণ হেৰুয়ায়। এই ১১ জনলোকে পৰিয়ালৰ এজন সদস্যৰ তিলনিৰ বাবে টকা সংগ্ৰহ কৰিবলৈ গৈছিল আৰু তেতিয়াই মৃত্যুক সাৱতি লয়। ১ এপ্ৰিলত গুজৰাটৰ বনাছকাণ্ডাস্থিত ফটকা ফেক্টৰীত এই কাণ্ড সংঘটিত হৈছে।ইতিমধ্যে এই আটাইকেইটা মৃতদেহ চন্দলপুৰলৈ অনা হৈছে। ইয়াৰ বিপৰীতে মৃত পৰিয়ালটোক গুজৰাট চৰকাৰৰ পৰা ৪ লাখ আৰু মধ্যপ্ৰদেশ চৰকাৰৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে।