শেহতীয়াকৈ মাওবাদীৰ বিৰুদ্ধে চলিছে ব্যাপক অভিযান। কঠোৰ অভিযানৰ পাছতে সেও মানিলে মাওবাদীয়ে। শীঘ্ৰে যুদ্ধ বিৰতি, আলোচনাৰ পোষকতা মাওবাদীৰ।মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অভয়ৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যুদ্ধ বিৰতিৰ আগ্ৰহ প্ৰকাশ কৰিছে মাওবাদীয়ে।কিন্তু যুদ্ধবিৰতি আৰু আলোচনাৰ বাবে চৰ্ত আৰোপ কৰিছে মাওবাদীয়ে। মধ্য ভাৰতত শীঘ্ৰে অভিযান বন্ধৰ কৰাৰ চৰ্ত আৰোপ। মাওবাদীৰ চৰ্ত, ‘‘আলোচনাৰ বাবে বিনাচৰ্তত যুদ্ধ বিৰতি কৰক। মাওবাদীৰ বিৰুদ্ধে চলা অভিযান বন্ধ কৰক। মাওবাদীৰ বিৰুদ্ধে অব্যাহত আছে ‘অপাৰেচন কাগাৰ। ‘অপাৰেচন কাগাৰ’ত ৪ শতাধিক মাওবাদী নেতা-কৰ্মী নিহত হৈছে। অভিযান চলি থকা অঞ্চলৰ পৰা নিৰাপত্তা বাহিনী প্ৰত্যাহাৰ কৰিব লাগিব।’’