ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি ৷ পিছে এয়া ভূমিকম্পৰ জোকাৰণি নহয় ৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰহে চিহ্ন ৷ অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে সমাপ্ত হ’ল । অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্রতা নহ’ল । শুকুৰবাৰে নিশা এক বিবৃতিযোগে এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ নেতৃত্বই ।
