সুৰাপান কৰি উদ্ভাণ্ডলী কৰা এতিয়া যেন ট্ৰেণ্ডলৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ এগৰাকী যুৱতীৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।কিছুদিন পূৰ্বে সুৰাপান কৰা এগৰাকী যুৱতীৰ অভদ্ৰামীৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ মাজতে পুনৰ অনুৰূপ এক ঘটনাই জোকাৰিছে সামাজিক মাধ্যম। বুধবাৰে নিশা সুৰাপান কৰি এগৰাকী যুৱতীয়ে চলাই তাণ্ডৱ।এই ঘটনা ছয়মাইলৰ চন্দৰ নগৰৰ ত্ৰিবেণী পথৰ ছানৰাইজ এপাৰ্টমেন্টৰ। অভিযোগ অনুসৰি, যুৱতীগৰাকীয়ে দৈনিক সুৰা-ড্ৰাগছ সেৱন কৰি এপাৰ্টমেন্টৰ আৱাসীৰ সৈতে অভদ্ৰামী কৰে। ইমানেই নহয়, বিভিন্নজনক মাৰপিটো কৰে। দীৰ্ঘদিন ধৰি যুৱতীগৰাকীয়ে এপাৰ্টমেন্টৰ আৱাসীসকলক অশ্লীল গালি- গালাজ পাৰি অশান্তি কৰি আহিছিল। যুৱতীগৰাকীৰ এনে কাৰ্যৰ বাবে কেতিয়াবা ওৰে নিশা উজাগৰে কটাবলগীয়া হয় আৱাসী।