১৪ ফেব্ৰুৱাৰী… বিশ্বৰ বহু ঠাইত আজিৰ এই দিনটো ভেলেণ্টাইন ডে’ হিচাপে উদযাপন কৰা হয় ৷ কিন্তু ১৪ ফেব্ৰুৱাৰীৰ এই দিনটোৱে প্ৰতিজন ভাৰতীয়ক ২০১৯ চনৰ সেই গভীৰ বিষাদৰ কথাহে মনত পেলাই দিয়ে ।২০১৯চনৰ ১৪ফেব্ৰুৱাৰীত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন CRPF জোৱান শ্বহীদ হয় । তেতিয়াৰ পৰা ভাৰতত এই দিনটোক “ক’লা দিৱস” হিচাপে স্মৰণ কৰা হয় ।সেইদিনা বিয়লি প্ৰায় ৩:১০ বজাত পুলৱামাৰ লেথপোৰা অঞ্চলত চি আৰ পি এফৰ বাহনৰ সৈতে বিস্ফোৰক সামগ্ৰীৰে ভৰ্তি এখন গাড়ী বাছৰ সংঘৰ্ষ হয় ৷ জানিব পৰা মতে, বাছখনত ৩০০ কিলোগ্ৰামতকৈ অধিক আৰ ডি এক্স ভৰ্তি হৈ আছিল । সেই সংঘৰ্ষত এক ভয়ংকৰ বিস্ফোৰণ ঘটে ৷ যি বিস্ফোৰণৰ শব্দ কেইবা কিলোমিটাৰ দূৰত্বলৈকে শুনিবলৈ পোৱা গৈছিল ৷ এই দুৰ্ঘটনাত চি আৰ পি এফৰ ৭৬ নং বেটেলিয়নৰ ২০ জন জোৱান শ্বহীদ হয় ।
