টাই আহোম ধৰ্মাৱলম্বী লোকসকলৰ আজি পৱিত্ৰ মে-ডাম-মে-ফী । পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে মে-ডাম-মে-ফী অৰ্থাৎ উপৰিপুৰুষক স্মৰণ কৰা হয় ।মে-ডাম-মে-ফী ধর্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু ‘ডাম চাও-ফী’সকলক পূজা কৰা হয় । টাই পণ্ডিতে দহখনকৈ মেহেঙা পাতি ধূপ-দীপ-নৈৱদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ’ল খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিন, বা-খিন।
