পুনৰ তিনি বাংলাদেশী নাগৰিকক আটক কৰি বিতাড়নৰ ব্যৱস্থা কৰে অসম আৰক্ষীয়ে । অসমৰ শ্ৰীভূমি জিলাত বাংলাদেশী নাগৰিক কেইজনক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ।এই তথ্য সামাজিক মাধ্য়ম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বে দাবী কৰিছিল যে, যোৱা সাত মাহত ৩২০ জন অবৈধ অনুপ্ৰৱেশকাৰীক অবৈধভাৱে প্ৰৱেশৰ চেষ্টা কৰা সময়ত আটক কৰি বিতাড়ন কৰা হৈছে ।