স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল’ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
