প্ৰতিবছৰৰ দৰে এইবাৰো উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে । এই মেলাৰ প্ৰথম দিনা পুহ মাহৰ পূৰ্ণিমাৰ শুভ ক্ষণত লাখ লাখ ভক্তৰ আগমন হৈছে । পুৱাৰে পৰা ৬ লাখৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে । দিনৰ ভাগতো আৰু অধিক ভক্তৰ আগমনৰ সম্ভাৱনা আছে । এই উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে ।
মাঘ মেলা কৰ্তৃপক্ষই অনুমান কৰিছে যে ২০ৰ পৰা ৩০ লাখ ভক্তই পুহ মাহৰ পূৰ্ণিমাৰ পৱিত্ৰ স্নানৰ বাবে আহিব । ইয়াৰ লগে লগে ভক্তৰ মাহজোৰা আগমনৰো আৰম্ভ হয় । শনিবাৰে পুৱা ৪ বজাৰ পৰাই পৱিত্ৰ স্নানৰ সময় আৰম্ভ হয় । প্ৰয়াগৰাজৰ সংমণ্ডল আয়ুক্ত সৌম্য আগৰৱালাই কয়, “আজি ২০-৩০ লাখ তীৰ্থযাত্ৰী গংগা আৰু সংগমত পৱিত্ৰ স্নানত অংশ ল’ব বুলি আশা কৰি প্ৰস্তুতি চলোৱা হৈছে ।”
