গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্য়া চাৰি লৈ বৃদ্ধি ।অৱশেষত আৰক্ষীৰ জালত গেলাবিলৰ মৰেল পুলিচিঙৰ ঘটনাৰ অন্য়তম অভিযুক্ত । ঘটনাটো সংঘটিত হোৱাৰ পিচতেই চৌদিশে প্ৰতিবাদৰ ঢৌ উঠাত পলায়ন কৰিছিল অভিযুক্তই । বিধায়ক বিশ্বজিৎ ফুকনৰ ঘনিষ্ঠ হোৱা বাবে অভিযুক্তক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তেই গ্ৰেপ্তাৰ হ’ল আন দুই অভিযুক্ত ।নাবালকক অত্যাচাৰ কৰা দুই পলাতক অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে স্থানীয় লোকে বৰপথাৰ আৰক্ষী থানা উত্তাল কৰাৰ পিচতো গ্ৰেপ্তাৰ কৰা নাছিল ৰঞ্জিত শ্ৰেষ্ঠ আৰু শশাংক শ্ৰেষ্ঠক ।এই তীব্ৰ প্ৰতিবাদৰ মাজতেই মৰেল পুলিচিঙৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে । মূল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে ৷ সোমবাৰে নিশা আৰক্ষীয়ে হেমন্ত বৰাৰ লগতে দুগৰাকী মহিলাক আটক কৰাৰ পিছতেই মঙলবাৰে নিশা মূল অভিযুক্ত দুটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
